এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষমতাৰ দ্বাৰা পৰিয়ালটিৰ প্ৰতিজন সদস্য উপকৃত হৈছে, নিজৰ পৰিয়ালৰ সদস্য হলেও তেওঁৰ লগত ঘৰৰ কাৰো আত্মিক সম্পৰ্ক নাই, সম্পৰ্ক মাথোন তেওঁ উপাৰ্জন কৰা টকাকেইটিৰ লগতহে। অৰ্থনৈতিক সম্পৰ্কই যে পাৰিবাৰিক সম্পৰ্কৰ বান্ধোনৰ ওপৰত বিচৰণ কৰিছে এই ক্ৰুৰ সত্য হয়তো সকলোৱে সহজে হজম কৰিবলৈ টান পাব, কিন্তু ই কাহিনীকাৰ, চিত্ৰনাট্যকাৰৰ বিশ্লেষণ শক্তিৰ অন্য এটি দিশৰ পৰিচয় বহন কৰে, তাত সন্দেহ থকাৰ কোনো অৱকাশ নাই।

 দুটা পক্ষই এই নাৰীক ব্যৱহাৰ কৰিছে অৰ্থনৈতিক শোষণৰ আহিলা হিচাবে আৰু থিয়েটাৰৰ মূল অভিনেতা গৰাকীয়ে এওঁক ব্যৱহাৰ কৰিছে দৈহিক শোষণৰ আহিলা হিচাবে। অভিনেত্ৰী গৰাকীক সহায় কৰিছে থিয়েটাৰৰ প্ৰযোজক পক্ষই। প্ৰযোজক পক্ষই এয়া কৰিছে মাথোন নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবেই। দুয়োকে একেলগে ৰাখিব পাৰিলে প্ৰযোজক অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা পৰে বাবেই তেওঁলোকে অভিনেতা গৰাকীক এই কামত সহায় কৰি আহিছে।

 অভিনেত্ৰী গৰাকীৰ লগত যিসকলৰ অধিক ওচৰ সম্পৰ্ক, সেই প্ৰতিগৰাকীয়েই তেওঁক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আহিছে; কিন্তু তুলনামূলকভাবে যিসকলৰ লগত সম্পৰ্ক ক্ষীণ, তেওঁলোকেই অভিনেত্ৰী গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কোনোবাই কামেৰে সহায় কৰিছে, কোনোবাই মানসিকভাবে সহায় কৰিছে।

 ভাল আৰু বেয়া দুয়োটাৰ সমন্বয়েই জগত আৰু বেয়া বুলি চাপ মাৰি দিয়া মানুহজনৰ ভাল হোৱাৰ অধিকাৰ আছে⸺এয়াই ‘আৱৰ্তন’ৰ কাহিনীৰ মূল বক্তব্য। আচলতে এই কাহিনীত ভাল বা বেয়া— এই দিশৰ প্ৰতি বিশেষ গুৰত্ব দিয়া হোৱা নাই, নৈতিকতাবাদী বিচাৰেৰে কাহিনীক আগবঢ়াই নিয়া নাই। চিত্ৰনাট্যকাৰে ভাল-বেয়া এইবোৰ বিমূৰ্ত ধাৰণাৰ পৰিবৰ্তে ব্যক্তিগত স্বাৰ্থৰ প্ৰশ্নটোকহে অধিক গুৰুত্ব দিছে। মানুহে সকলো কথাই বিবেচনা কৰে প্ৰথমে নিজৰ স্বাৰ্থৰ দিশৰ পৰাই — এই সত্যটোকে কাহিনীটোৰ মাজেৰে প্ৰতিষ্ঠিত

কৰিব বিচাৰিছে। সকলো মানুহেই স্বাৰ্থপৰ নহয়, স্বাৰ্থহীনভাবেও মানুহে

৭৭