এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নিৰঞ্জন দত্তৰ ঘৰটোৰ চাদ ঢালাই কৰা কাম শেষ হ’ল। কাম শেষ হোৱাৰ পিচত তেওঁৰ মনটো মুকলি মুকলি লাগিল। ঘৰলৈ আহি হঠাৎ তেওঁ অনুভব কৰিলে যে দিনটোত তেওঁৰ একোকে খোৱা নহ’ল। ৰাতিপুৱা কামলৈ যাওঁতে তেওঁ নিজে টিফিন কেৰিয়াৰ এটা বিচাৰি উলিয়াই থৈ গৈছিল, দুপৰীয়া টিফিন কেৰিয়াৰটোত খোৱা বস্তু ভৰাই তেওঁলৈ পঠিয়াই দিয়াৰ কথা আছিল কিন্তু নিজৰ নিজৰ কামত ব্যস্ত থাকোতে ঘৰৰ কোনেও টিফিন কেৰিয়াৰটোৰ কথা মনত পেলাবলৈ সময় নাপালে। দত্তই ঘৰত টিফিন কেতিয়াৰটোৰ কথা মনত পেলাই দিয়া এজনে আনজনৰ গালৈ দায়িত্ব ঠেলি দিয়াত লাগিল। এই কাজিয়াত ভাগ নলৈ দত্তই নিজে গৰম পানী কৰি গা ধুবলৈ গ’ল। চেলফৰ একোণত পৰি ৰোৱা আৱহেলিত টিফিন কেৰিয়াৰটোৰ ছবিৰে ছবি শেষ হ’ল।

 এই শেষ দৃশ্যটো যথেষ্ট ব্যঙ্গ আৰু কাৰুণ্যৰে সমৃদ্ধ যদিও ইয়াত কোনো নতুন কথা নাই। দৃশ্যটোৰ মাজেৰে যিমানখিনি বক্তব্য দাঙি ধৰা হ’ল, সেই বক্তব্য পৰিয়ালৰ সদস্যবোৰৰ আগত দত্তৰ স্থান কি তাক আমি আগৰ দৃশ্যবোৰৰ মাজতেই গম পাইছো। ৰাতিপুৱা টিফিন কেৰিয়াৰটো ঠিক কৰাৰ পৰাই দত্তৰ এই বিশেষ দিনটোৰ আৰম্ভণি হৈছে আৰু ৰাতি টিফিন কেৰিয়াৰটোতে দিনটোৰ সামৰণি ঘটিছে- এই এক বৃত্তীয় গতি সম্পূৰ্ণ কৰাৰ বাবে এই দৃশ্যটো জৰুৰী। কিন্তু এইটো নকৰি চাদ ঢালাইৰ পিচত চাদৰ ওপৰত অকলশৰীয়া, নিসংগ দত্ত, পিচপিনে সন্ধিয়াৰ বিষন্ন আকাশ, প্ৰেক্ষাপটত সন্ধিয়াৰ মহানগৰী- এই দৃশ্যতেই ছবিখন শেষ কৰিলে দত্তৰ মনৰ হাহকাৰে দৰ্শকক অধিক পীড়িত কৰিলেহেঁতেন বুলি আমাৰ ধাৰণা হয়।

 
৭২