এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগিছিল। কিন্তু পৰিচালক ড॰ ভবেন্দ্ৰনাথ শইকীয়াই ইয়াকে নকৰি ইয়াৰ বিপৰীতটো কৰোৱাৰ কাৰণ হ’ল বৈপৰীত্যৰ মাজেৰে চৰিত্ৰটিক অধিক সংবেদনশীল কৰি তোলা। এই বৈপৰীত্যৰ মাজেৰে মানৱ জীৱনৰ আৰু এটি গভীৰ সংকট প্ৰকাশ পাইছে, যিটো চেক্সপিয়েৰৰ অথেলো নাটৰ ইয়াগোই কৈছিল- I am not what I am আজিও এইটোৱেই সত্য। বাহিৰৰ পৰা দেখা মানুহজন আচল মানুহ নহয়, ভিতৰৰজনহে আচল মানুহ। অভিনয়ৰ ক্ষেত্ৰত এটি মাত্ৰ মিডাছ স্পৰ্শেৰে ড॰ ভবেন্দ্ৰনাথ শইকীয়াই অৰুণ নাথৰ অভিনয় শিল্পৰ শাৰীলৈ উন্নীত কৰি তুলিছে। এই ধৰণৰ সৃজনীশীল কল্পনা সমৃদ্ধ অভিনয় অসমীয়া ছবিত বিৰল।

 ছবিখনৰ অন্যান্য প্ৰতিটো চৰিত্ৰই সুলিখিত আৰু প্ৰত্যেকেই সাধাৰণ মানৰ অভিনয় কৰি নিজৰ দায়িত্ব পালন কৰিছে। কিন্তু কাহিনী আৰু চিত্ৰনাট্যৰ ইংগিতধৰ্মীতা আৰু ব্যঞ্জনা অৰুণ নাথৰ বাহিৰে এজনো অভিনেতা-অভিনেত্ৰীয়ে উপলব্ধি কৰিব পৰাটো অভিনয়ত প্ৰকাশ নাপালে।

 ছবিখনৰ শব্দ গ্ৰহণ, সংগীত আৰু শব্দ পুনৰ সংযোজনৰ কাম সুন্দৰ। পাৰিপাৰ্শ্বিক শব্দৰ সৃজনশীল প্ৰয়োগ অন্যতম আকৰ্ষণ। প্ৰভাত শৰ্মা পৰিচালিত আৱহ সংগীতে ছবিখনৰ মুড সৃষ্টিত সহায় কৰিছে।

 তুলনামূলকভাবে ছবিখনৰ দুৰ্বল দিশটো হ’ল চিত্ৰ গ্ৰহণ। ৰাতিপুৱাৰ কিছু সংবেদনক্ষম দৃশ্যৰ বাহিৰে ছবিখনৰ আন ঠাইত কেমেৰাৰ অৱদান অনুভৱ কৰা নাযায়। কাৰিকৰী দিশৰ পৰা কেমেৰাৰ কাম প্ৰায় ত্ৰুটিহীন কিন্তু উপযুক্ত দৃষ্টিকোণ, দৃশ্যৰ ত্ৰিমাত্ৰিক গভীৰতাৰ অভাৱ আৰু আলোচনাৰ অভিনৱত্বহীনেই এই দুৰ্বলতাৰ কাৰণ। এইখিনিতেই আন এটা কথাও মনলৈ আহে। সাৰথি অতি কম বাজেটৰ ছবি। কেমেৰাৰ কাম সুন্দৰ কৰিবলৈ বিভিন্ন আহিলা পাতিৰ বাবে যিমান ব্যয় কৰাটো উচিত বা প্ৰয়োজনীয় সিমানখিনি ব্যয় কৰিব নোৱাৰাৰ বাবেও হয়তো কেমেৰাৰ কাম কাজত কিছু সীমা বান্ধি দিবলৈ পৰিচালক বাধ্য হৈছে।

 ছবিখনৰ সমাপ্তিক লৈও এই আলোচকৰ অলপ দ্বিধা ৰৈ গৈছে।

৭২