এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শব্দ, সংগীত আৰু চিনেমা

 

 মৃত্যুৰ কঠিন হাতোৰাই ধৰি লোৱা এটি পৰিবেশ। ছবিৰ দৰেই সুন্দৰ পৰিবেশটোৰ মাজত থকা ঘৰটোৰ চৌহদত ইতিমধ্যে একাধিক হত্যাকাণ্ড সংঘটিত হৈ গৈছে। জীয়াই আছে মাত্ৰ শিশু এটি। শিশুটোৰ সম্মুখত এখন ঝুলনা- ক্ৰেক ক্ৰেক শব্দ কৰি ঝুলনাখন ইফালৰ পৰা সিফাললৈ গৈ আছে। অনন্ত নীৰৱতাৰ মাজত সেই ক্ৰেক ক্ৰেক শব্দই ভয়াবহ মূৰ্তি ধাৰণ কৰিছে। শিশুটোৰ সন্মুখত, ঝুলনাখনৰ সিপাৰে স্থিৰ হৈ বৈ আছে এটা বন্দুকব নল, তাৰ সম্মুখটো শিশুটোৰ কপাললৈ লক্ষ্য কৰা। বন্দুকটো ধৰি আছে ভয়াবহ ডকাইত গব্বৰ সিঙে। গব্বৰ সিঙে পৰিয়ালটোৰ আন সকলোকে গুলিয়াই শেষ কৰিলে, এইবাৰ শিশুটোৰ পাল। এইমাত্ৰ সংঘটিত হ’বলগীয়া হত্যাৰ অপেক্ষাৰ অসহ্য সময়খিনিৰ ভয়াবহতা বঢ়াই দিছে ঝুলনাৰ ক্ৰেক ক্ৰেক শব্দই। বন্দুকৰ ট্ৰিগাৰত আঙুলি। শিশুটোৰ অসহায় মুখ।

 হঠাৎ দৃশ্যটোৰ পৰিৱৰ্তন হয়। বিকট শব্দ কৰি ৰেল এখন ৰৈ যায়। পূৰ্বৰ দৃশ্যটোৰ বাবে বিকট শব্দ এটাৰ প্ৰয়োজন আছিল, কিন্তু সেই শব্দটো ব্যৱহাৰ কৰা নহ’ল, বৰং বেলেগ এটা দৃশ্যহে কৌশলী হাতেৰে আৰম্ভ কৰা হ’ল।

 পাঠকে বুজি পাইছেই— ওপৰত বৰ্ণনা কৰা দৃশ্যটো ‘শ্বোলে’ ছবিৰ। হিন্দী ছবিত গুলিমৰা দৃশ্যৰ আকাল নাই; কিন্তু ৰসোত্তীৰ্ণ দৃশ্যৰ সংখ্যা তেনেই তাকৰ। সেয়ে গুলিমৰাৰ সংবেদনশীল দৃশ্যৰ কথা ক’লেই ‘শ্বোলে’ৰ এই দৃশ্যটিৰ নামেই প্ৰথমে উল্লেখ হয়।

 দৃশ্যটোৰ প্ৰধান বৈশিষ্ট্য হ’ল ছবিৰ পৰিনিতিবোধ, শব্দৰ কৌশলী ব্যৱহাৰ আৰু চতুৰ সম্পাদনা। দৃশ্যটোৰ মুল বক্তব্য আছিল শিশুটোক গুলিয়াই হত্যা কৰা কাৰ্য। তাৰ প্ৰস্তুতিৰ সকলো দৃশ্য ছবিৰে ধৰি ৰখাৰ পিচতো মূল দৃশ্যটো দেখুওৱা নহ’ল অথচ বেলেগ শব্দৰ সংযোজনেৰে দৃশ্যটোৰ বাণী দৰ্শকৰ বাবে সহজবোধ্য ৰূপত উপস্থাপন