এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই ধাৰণা মানি চলা নাই। বাহ্যিক দৃষ্টিকোণৰ পৰা চালে হঠাৎ মানসিক প্ৰয়োজনত এই নাৰীৰ কল্পনা নিৰঞ্জন দত্তৰ বাবে সম্ভৱ যেন লাগে। কিন্তু অলপ গভীৰ ভাবে চালেই দেখা যাব যে মানসিক শূন্যতা পূৰণৰ সলনি দ্বিতীয় সুযোগৰ কল্পনাৰ বাবেই যে নিৰঞ্জন দত্তৰ মনলৈ এই নাৰী গৰাকীৰ আগমন ঘটিছে। হৈ যোৱা কোনো এটা কাম পুনৰ যদি নতুনকৈ আৰম্ভ কৰিব পৰা গলহেঁতেন এই কল্পনাই দ্বিতীয় সুযোগ। দত্তৰ জীৱনত যি ঘটি গ’ল তাক তেওঁ নতুনকৈ পুনৰ আৰম্ভ কৰিব নোৱাৰে অথচ তেওঁ ভাবিছে যদি কৰিব পৰা গ’লহেঁতেন, তেতিয়া নিশ্চয় এনেকুৱাই হ’লহেঁতেন। দ্বিতীয় সুযোগৰ সন্ধান মানব মনৰ এক স্বাভাবিক অংগ।

 সাৰথিৰ মূল চৰিত্ৰ নিৰঞ্জন দত্তই মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি, প্ৰজন্ম ব্যৱধান, প্ৰদৰ্শনিধৰ্মীতা আদি যিবোৰ সমস্যাই তেওঁক পীড়িত কৰিছে সেইবোৰো সমসাময়িক মধ্যবিত্ত শ্ৰেণীৰ সমস্যা। সাৰথিয়ে এই সমাজ আৰু সমস্যাৰ শৈল্পিক ৰূপ দাঙি ধৰিয়েই ক্ষান্ত হোৱা নাই, ই মানৱ মনৰ জটিলতৰ ভাব অনুভূতিৰ জগতখনৰ বিভিন্ন তৰংগ সাৰ্থকভাবে দাঙি ধৰিছে আৰু সবাটোকে উল্লেখযোগ্য কথা সৰল আৰু সহজভাবে। আৰু এই উত্তৰণেই সাৰথিক মধ্যবিত্ত শ্ৰেণীৰ দাপোনৰ লগতে মানুহৰ সাধাৰণ দাপোনলৈ পৰিবৰ্তিত কৰিছে। এই ব্যাপ্তি আৰু গভীৰতাই সাৰথিৰ প্ৰধান সাফল্য। এই গণৰাজি অসমীয়া ছবিৰ ইতিহাসত এয়েই প্ৰথম। সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ক্লাছিক আখ্যা পোৱা ছবিবোৰৰ স্থায়িত্বৰ মূল কাৰণ হ’ল মানৱ মনৰ বিভিন্ন স্তৰৰ ওপৰত আলোকপাত কৰিব পৰা দক্ষতা। এই দিশৰ পৰা সাৰথিৰ স্থান ‘বাইচাইকেল থিফ’ ৱাইল্ড স্ট্ৰবেৰিজ’, ‘চাৰুলতা’ আদি ছবিৰ লগতহে নিৰূপিত হ’ব।

 

দুই

 ‘সাৰথি’ বহুমাত্ৰিক ছবি। ইয়াৰ ওপৰৰ আৱৰণটো এটা নিটোল,‌আবেদনধৰ্মী গল্প আৰু ভিতৰৰ বিভিন্ন স্তৰ মানব মনৰ জটিলতাৰ ছবি। এই অভাৱনীয় দক্ষতাৰে পৰিচালক ড॰ ভবেন্দ্ৰনাথ শইকীয়াই

৬৯