এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পৰা আহি নিজকে প্ৰতিস্থিত কৰিছে, পত্নী-পুত্ৰ-কন্যাৰ সুখ স্বাচ্ছন্দ্যৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে, প্ৰত্যেককে সন্তুষ্ট কৰিব পৰাকৈ ঘৰটো সাজিছে, চাদ ঢালাই কৰা কামটোৰ আৰম্ভণি কৰিছে নিজৰ ধৰণে এটা মাংগলিক কাৰ্য আৰম্ভ কৰাৰ দৰেই আৰু অথচ চাদ ঢালাই, কাম চলি থাকোঁতেই মাজতে আহি তেওঁক খুন্দিয়াইছেহি মৃত্যু ভাৱনাই। আপাত দৃষ্টিত হাস্যৰস সমৃদ্ধ সংলাপেৰেই এই মৃত্যু ভাবনাৰ কথা উপস্থাপিত কৰা হ’লেও প্ৰতিটো সংলাপৰ পিচ পিনেই অনুৰণিত হৈ আছিল প্ৰথমে তীৰ্যক ব্যঙ্গ আৰু তাৰ পিচে পিচেই গভীৰ শূন্যতা আৰু নিসংগতাবোধৰ আৰ্তি। পাশ্চাত্য সংগীতৰ অৰ্কেষ্ট্ৰেচনৰ লেখীয়াকৈ বহুমাত্ৰিক ৰূপত সজোৱা এই সংলাপখিনি আমাৰ বোধেৰে ছবিখনৰ শ্ৰেষ্ঠ সংলাপ।

 প্ৰশ্ন হয়, প্ৰচণ্ড আশাৰে ঘৰ এটি বান্ধিবলৈ সাজু হোৱা মুহূৰ্তত মানুহ এজনক মৃত্যু ভাবনাই পীড়িত কৰিব পাৰেনে? জীৱনৰ প্ৰতি মানুহৰ আকৰ্ষণৰ তীব্ৰতা ইমানেই বেছি যে কোনেও পৃথিৱীখন এৰি গুচি যাব নিবিচাৰে। মনোবিজ্ঞানৰ দিশৰ পৰা মাত্ৰ এটা অৱস্থাতেই মানুহে মৃত্যুৰ কথা ভাবিব পাৰে যেতিয়া মানুহজনে নিজৰ সীমাবদ্ধতাৰ কথা উপলব্ধি কৰিব পাৰে অথবা অপমানৰ বোজা বহন কৰিব নোৱাৰা হৈ উঠে। নিৰঞ্জন দত্তৰ ক্ষেত্ৰতো এইটোৱেই ঘটিছিল। সকলো ধৰণৰ চেষ্ট কৰিও নিৰঞ্জন দত্তই তেওঁৰ নিজৰ মনৰ ঘৰখন সাজি উলিয়াব নোৱাৰিলে। যি পুত্ৰ-কন্যা-পত্নীৰ বাবেই তেওঁ সমস্ত শক্তি আৰু সামৰ্থও ব্যয় কৰি আহিছে সেই সকলৰ পৰাই তেওঁ সদায়েই আন্তৰিকতাহীন আচৰণেই পাই আহিছে। এই আন্তৰিকতাহীন আচৰণেই অপমান। এই বোজা নিৰঞ্জন দত্তই বহন কৰিয়েই আহিছে, কাহানিও প্ৰতিবাদ কৰা নাই, মাথোন গোপনে মনৰ মাজত সাঁচি ৰাখিছে। আৰু এক অসতৰ্ক মূহূৰ্তত এই সকলো স্তুপীকৃত ভাবনাই প্ৰকাশৰ পথ বিচাৰি পালে মৃত্যু ভাবনাৰ মাজেৰে। তেওঁৰ মৃত্যুৰ পিচতো যাতে তেওঁৰ মৃতদেহটোৰ বাবে পৰিয়ালটোৰ দৈনন্দিন কাম কাজত অকণো অসুবিধা নহয়, সেই কথাটোও নিৰঞ্জন দত্তই চিন্তা কৰিছে। সংলাপৰ জৰিয়তে প্ৰকাশ পোৱা এই ভাবে সমগ্ৰ দৃশ্যটোৰ কাৰুণ্য আৰু বেদনাক

৬৭