এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহি আজি এইখিনি পালেহি। এনে প্ৰশ্ন প্ৰতিজন মানুহেই জীৱনত একোবাৰকৈ কৰে অন্ততঃ অতীতৰ পিনে উভতি চোৱাৰ সময়ত। ভৱিষ্যতৰ কথা মানুহে যিমানেই ভাৱে, সিমানেই অতীতলৈ উভতি চোৱাৰ প্ৰৱণতাই জুমুৰি মাৰি ধৰেহি, জীৱনৰ পোৱা-নোপোৱা হিচাব কৰোঁতে সদায়েই অতীতৰ কথাকেই তুলনাৰ ভিত্তি হিচাবে ধৰি লয়। ‘সাৰথি’ৰ নায়কৰ জৰিয়তে ড॰ শইকীয়াই এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উপস্থাপনা কৰিছে।

 চৰিত্ৰৰ মুখত এনেকুৱা দাৰ্শনিকতাধৰ্মী সংলাপ দিয়াটো অতি সহজ কাম। ‘কোটেচন’ৰ কিতাপ একোখন মেলি ল’লেই এনেকুৱা সংলাপ বিচাৰি উলিওৱাটো অতি সাধাৰণ কথা। কিন্তু জটিল কথা হ’ল এইধৰণৰ সংলাপ দিব পৰাকৈ চৰিত্ৰটোক নানা ধৰণে ব্যাখ্যা কৰি সংলাপ ফাঁকিৰ প্ৰয়োগ যুক্তিসংগত কৰি তোলাটোহে। গাঁৱৰ বাঁহৰ ঘৰৰ বাৰান্দাত নিৰঞ্জন দত্তৰ শৈশৱটোৰ আৰম্ভণি কৰা হৈছিল যি সময়ত শিশু নিৰঞ্জন দত্তই দেউতাকক সহায় কৰি আছিল ভগাবেৰ এখন মেৰামতিৰ কামত। নিৰঞ্জন দত্তৰ উপলদ্ধিৰ দৃশ্যটো উপস্থাপন কৰা হৈছে তেওঁ নিজে বান্ধি থকা ঘৰটোৰ চোতালত। গাঁৱৰ বাৰান্দাৰ পৰা চহৰৰ চোতাললৈকে এই দূৰ ভ্ৰমণৰ বিৱৰণী অতি বিশ্বাসযোগ্য ভাবেই অংকিত হৈছে যাৰ ফলত নিৰঞ্জন দত্তৰ সেই আত্মকথন প্ৰতিগৰাকী বয়স্কলোকৰ আত্মকথনলৈ ৰুপান্তৰিত হৈছে। দুইটা দৃশ্যৰ মাজত থকা বৈসাদৃশ্যই নিৰঞ্জন দত্তৰ উপলব্ধিক গভীৰ কৰি তোলাত সহায় কৰিছে। শৈশৱৰ নিৰঞ্জন দত্তই নিজৰ দেউতাকক সহায় কৰি আছিল, কিন্তু পিতৃ নিৰঞ্জন দত্তক সহায় কৰিবলৈ তেওঁৰ পুত্ৰ-কন্যা কোনো ওচৰত নাই, আনকি সিহঁতে প্ৰয়োজনবোধো কৰা নাই। প্ৰজন্ম ব্যৱধানৰ এই স্পষ্ট অথচ ব্যঞ্জনাময় ছবি, ছবিখনত নিহিত থকা কাৰুণ্য আৰু সংবেদনশীলতাই যিকোনো দৰ্শকৰ হৃদয় স্পৰ্শ কৰি যাবলৈ সক্ষম হ’ব।

 ছবিখনৰ যোগেৰে ড॰ শইকীয়াই উত্থাপন কৰা আন এটি গুৰুত্বপূৰ্ণ প্ৰসংগ হ’ল ‘মৃত্যু ভাৱনা’। ছবিৰ নায়ক নিৰঞ্জন দত্তই সাধাৰণ অৱস্থাৰ

৬৬