এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাৰথি

 

এক

 সন্দেহাতীত ভাবেই ‘সাৰথি’ অসমীয়া ছবিৰ ইতিহাসৰ শ্ৰেষ্ঠতম ছবি। শিল্পৰ স্থায়িত্ব, মহত্ব আৰু গুৰুত্ব নিৰূপিত হয় মাত্ৰ এটা দিশেৰে- সেই দিশটো হ’ল শিল্পৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন দৰ্শন। স্ৰষ্টাই জীৱনক কি ধৰণে গ্ৰহণ কৰিছে, দেখা পাইছে আৰু ব্যাখ্যা কৰিছে, সেই কথাটো শিল্পৰ বাবে অতি জৰুৰী। ‘সাৰথি’ত এই জৰুৰী দিশটোৱে প্ৰাধান্য লাভ কৰিছে আৰু কঠোৰ পৰীক্ষাৰ মাজেৰে উত্তীৰ্ণ হৈছে।

 সাৰথিৰ কাহিনীভাগ সৰল আৰু বাস্তবধৰ্মী। চৰকাৰী অফিচ এটাৰ চাকৰিয়াল নিৰঞ্জন দত্তই চাকৰিৰ পৰা অৱসৰ পাবলগীয়া হোৱাৰ কিছুদিনৰ আগতে নিজাকৈ ঘৰ এটা বন্ধাৰ কথা চিন্তা কৰে আৰু কামত আগবাঢ়ে। পৰিয়ালৰ আটাইকেইটি প্ৰাণীকে সন্তুষ্ট কৰিবলৈ তেওঁ প্ৰত্যেকৰে মতামতক সম্মান জনাই ঘৰটো ‘আচাম টাইপ’ কৰাৰ সলনি ঢালাই কৰা চাদ থকাকৈ সজাব খোজে। ঘৰটোৰ চাদ ঢালাই কৰাৰ দিনা তেওঁ ৰাতিপুৱাৰে পৰা কাম শেষ হোৱালৈকে বান্ধি থকা ঘৰটোৰ চোতালতে বহি কাম চাই থাকে। তাৰ মাজে মাজে বিভিন্ন স্মৃতি আৰু চিন্তাই তেওঁক আমনি কৰে। ছবিৰ শেষত তেওঁ পুনৰ সেই ভাড়াঘৰৰ দৈনন্দিন জীৱনলৈ ঘূৰি যায়। মাজৰ এই সময়ছোৱাত তেওঁৰ মনৰ যিবোৰ যাত্ৰা-ভ্ৰমণ, চিন্তা আৰু উপলব্ধিয়ে তোলপাৰ লগাই আছিল সেয়াই ‘সাৰথি’ৰ মূল বিষয়।

 কাহিনী কথনত ড॰ শইকীয়াৰ পাৰদৰ্শিতা পূৰ্বৰ ছবিবোৰত প্ৰকাশ পাইছে। কিন্তু ‘সাৰথি’ৰ কাহিনী অকল নিৰঞ্জন দত্ত নামৰ ভদ্ৰলোকজনৰ জীৱনৰ কাহিনীয়েই নহয়, কাহিনীটোৰ মূল বিন্দুটোত কেন্দ্ৰীভূত হৈছে প্ৰতিজন মানুহৰ মনৰ গোপন প্ৰশ্নটো। এঠাইত নিৰঞ্জন দত্তই নিজকে নিজে প্ৰশ্ন কৰাদি কৰিছে- ক’ৰ মানুহ, ক’ৰ পৰা