এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আছে, কিন্তু তাৰ বাহিৰে দৃশ্য ৰচনাত আন পাৰ্থক্য বিশেষ নাই।

 এয়া দুটামান উদাহৰণ মাত্ৰ। ছবি চোৱাৰ অভিজ্ঞতা আমাৰ সীমিত, এই সীমিত অভিজ্ঞতাতেই ইমানবোৰ সাদৃশ্য চকুত পৰাটোত দৰ্শক হিচাবে আমি অকণো আনন্দিত হ’ব নোৱাৰো। এইটো ঠিক যে সাদৃশ্যগত উদাহৰণৰ বাবে আমি যিকেইখন ছবিৰ যি কেইটা দৃশ্যৰ কথা ক’লো সেই কেইটাই মন চুই গৈছিল বাবেই আমাৰ মনত ৰৈ গ’ল। জাহ্নু বৰুৱাৰো নিশ্চয় একেই অভিজ্ঞতাই হৈছিল, সেয়ে তেওঁৰ মনৰ মাজত ৰৈ যোৱা এই অভিজ্ঞতাবোৰ ছবিৰ মাজেৰে পুনৰ বাহিৰলৈ ওলাই আহিছিল। এই সাদৃশ্যগত কাৰ্য্যক মই নকল বা অনুকৰণ বুলি ক’ব বিচৰা নাই, মই ক’ব বিচাৰিছো যে শিল্প সৃষ্টিৰ ক্ষেত্ৰত এনেকুৱা প্ৰভাৱৰ স্বাভাবিকতা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু কথা হ’ল অইন শিল্পীৰ দৃশ্যাংশ বা বাক্যাংশ নিজৰ সৃষ্টিৰ জৈবিক অংগ ৰূপে প্ৰমাণ কৰিবলৈ হ’লে সেই বাক্যাংশ বা দৃশ্যাংশ সকলো ধৰণেৰে নতুন ৰচনাৰ এৰাব নোৱৰা অংগ হিচাবে প্ৰতিস্থত হ’ব লাগিব। কিন্তু জাহ্নু বৰুৱাৰ ছবিৰ ক্ষেত্ৰত এইটো হোৱা নাই। প্ৰতিখন ছবিতেই উল্লেখিত দশ্যবোৰ প্ৰায় জোৰ জবৰদস্তি হিচাবেই ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ গোজামিল কাৰ্যই দৰ্শকক পীড়া দিয়ে আৰু স্ৰষ্টাৰ মৌলিকত্বৰ ভেটি লেহুকা কৰি তোলে। ‘পাপৰি’ আৰু ‘ফিৰিঙতি’ৰ বাহিৰে আন এখনো ছবিতেই জাহ্নু বৰুৱাই মৌলিক চিন্তাৰ ৰেঙণি দেখুৱাব পৰা নাই। আনকি বহুল প্ৰচাৰিত ‘সাগৰলৈ বহু দূৰ’ ছবিৰ কাহিনী অংশ (বাতৰি কাকতত প্ৰকাশিত) পঢ়ি এনে লাগিছে— এই ছবিৰ মূল স্পিৰিটৰ সতে মিল থকা দুখন ছবি আমি আগতেই চাইছোঁ— এখন হ’ল জি অৰবিন্দনৰ ‘ওৰিডাথু’ আৰু আনখন হ’ল হেমন্ত দাসৰ ‘তথাপিও নদী’। মৌলিক চিন্তাৰ প্ৰতিফলন নাথাকিলে কোনো শিল্পীয়ে নিজৰ সৃষ্টিৰ দ্বাৰা শিল্পৰসিকক আলোড়িত কৰিব নোৱাৰে।

 এইটো কথা ঠিক যে কিছু দুৰ্বলতাই জাহ্নু বৰুৱাৰ ছবিবোৰ ৰসোতীৰ্ণ শিল্পকৰ্ম হিচাবে পৰিগণিত হোৱাত বাধা দি আহিলেও সৎ উদ্দেশ্যপ্ৰণোদিত দায়বদ্ধ ছবি নিৰ্মাণ বাবে তেওঁ কৰি থকা বিৰামহীন

৬৩