এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰো ‘শ্বোলে’ ছবিখনৰ পিনে। এই ছবিত এটা বা দুটা দৃশ্যত ভুমুকি মৰা চৰিত্ৰ একোটিয়েও দৰ্শকৰ মনত স্থায়ীভাৱে ৰেখাপাত কৰি যাব পাৰিছিল। চিত্ৰনাট্যকাৰ আৰু পৰিচালক উভয়ৰে দক্ষতাৰ সম্মিলিত প্ৰচেষ্টাইহে এনে ফলৰ জন্ম দিব পাৰে।

 জাহ্নু বৰুৱাৰ ছবিৰ আন এটি পীড়াদায়ক অভিজ্ঞতা হ’ল ছবিবোৰত দেখা পোৱা আন ছবিৰ প্ৰতিফলন। অপৰূপা ছবিত নিপন গোস্বামীয়ে লিপ মিলোৱা ‘আই সৰেচতীও ৰংফুল বকুলি’ গীতটিৰ উপস্থাপনৰ পৰিবেশ আৰু গীতটিৰ মূল ভাবৰ লগত সাদৃশ্য থকা এটি গীত পূৰ্বতেই দেখা পোৱা গৈছিল হিন্দী ছবি এখনত। আমোল পালেকাৰ অভিনীত সেই ছবিখনৰ নাম আছিল ‘জীৱন ধাৰা’।

 ‘পাপৰি’ ছবিত বিজু ফুকন অভিনীত পুলিচ অফিচাৰৰ চৰিত্ৰটিৰ কবিতা প্ৰেমে মনত পেলাই দিয়ে সেই সময়ৰ এখন বিখ্যাত ছবি ‘অৰ্ধসত্য’ৰ ওম পুৰী অভিনীত পুলিচ চৰিত্ৰটিলৈকে। ওমপুৰীৰ কাব্যপ্ৰেমে চৰিত্ৰটিৰ বিকাশত সহায় কৰিছিল; কিন্তু পাপৰিৰ পুলিচ বিষয়াৰ বাক্যপ্ৰেম নথকা হ’লেও চৰিত্ৰটি বা ছবিখনৰ কোনো হানি নহ’লহেঁতেন। কেৱল অলংকাৰৰ স্বাৰ্থতেই অলংকাৰ প্ৰয়োগ কৰিলে ই তাৰ নিজস্ব সৌন্দৰ্য হেৰুৱাবলৈ বাধ্য হয় আৰু তেতিয়াই সাদৃশ্যবোৰ সহজেই মনলৈ আহে।

 ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিত ইন্দ্ৰ বনীয়াৰ ওঁঠত থকা এটি গীতৰ আৰম্ভণি হয় এন ধৰণে— ‘যদি মোৰ পেৰা ভৰাই ধন থাকিলহেঁতেন! ‘দা ফিদলাৰ অন দা ৰুফ’ নামৰ ছবিত থকা এটি গীতৰ প্ৰথম বাক্যটো হ’ল 'If I were a rich man' (মই যদি ধনী হ’লোহেঁতেন)। দুয়োটি গীতৰ কথাংশৰ প্ৰতিটো শব্দৰেই মিল নাই, কিন্তু মূলভাবৰ সাদৃশ্য বহুত। একেখন ছবিৰেই প্ৰাঞ্জল শইকীয়া,ইন্দ্ৰ বনীয়াৰ সুখামুখি হোৱা দৃশ্যটোও ‘সাৰাংশ’ ছবিৰ এটি দৃশ্যৰ লগত প্ৰায় একে। সাৰাংশ ছবিত বিমান কোঠৰ পৰা পুতেকৰ অস্থি আনিবলৈ গৈ অফিচৰ কৰ্মচাৰীৰ হাতত বিব্ৰত হৈ মুৰব্বী বিষয়াৰ কোঠাত সোমোৱা অনুপম খেৰ অভিনীত চৰিত্ৰটিৰ এই দৃশ্যাংশৰ কাৰ্যকলাপৰ সতে মিলি যায় ‘হাৱলধীয়া চৰায়ে’ৰ খেতিয়কজনে এচ.ডি.ডি জনক লগ ধৰা দৃশ্যটি। সন্দেহ নাই সংলাপত পাৰ্থক্য

৬২