এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অসমৰ গাওঁত ৰিক্সা, ভেনিটি বেগ, পইচাখোৱাই এটকা দাবী কৰা, হাতধৰা লিগিৰীৰ কুৰি টকা দৰমহা আদি প্ৰায় অকল্পনীয়। থলুৱা বহিৰাগত-বিচ্ছিন্নতাবাদ আদিৰ ধাৰণাও সেই সময়ৰ অসমত নাছিল। অসমৰ বাহিৰৰ দৰ্শক হিচাবে নিতে কল্পনা কৰি ল’ব পাৰিলে এইবোৰ খুটিনাটিয়ে আমাক বিৰক্ত নকৰিব। কিন্তু অসমৰ পটভূমিৰ অসমীয়া ছবি এখন চাই থাকোতে নিজকে অনা-অসমীয়া দৰ্শক হিচাবে ধৰি লোৱাটো নিশ্চয় অতি কষ্টকৰ হ’ব।

 চিত্ৰনাট্যই অবিচাৰ কৰা এটি দিশ হ’ল মূল চৰিত্ৰবোৰৰ একমাত্ৰিকতা। অপৰূপাৰ পৰা ফিৰিঙতিলৈ আটাইকেইখন ছবিৰেই মূল চৰিত্ৰসমূহ স্বাভাবিকভাৱে বিকাশ লাভ কৰা বিধৰ নহয়। একো একোটা চৰিত্ৰৰ বিভিন্ন স্তৰ, মানসিক সংঘাট, আশা-আকাংক্ষা, দায়িত্ববোধ, দায়িত্ব পালন আৰু পালনৰ অপাৰগতা, হিংসা, দ্বেষ, ঘৃণা, হতাশা আদিৰ সাৰ্থক প্ৰতিফলনেহে চৰিত্ৰ একোটি জীৱন্ত কৰি তোলে। মানৱ মনৰ অনুভূতিৰ বিভিন্ন স্তৰৰ প্ৰকাশ চৰিত্ৰবোৰৰ মাজেৰে নঘটা বাবে, চৰিত্ৰসমূহ চিত্ৰনাট্যকাৰে চৰিত্ৰবোৰৰ গভীৰলৈ প্ৰবেশ কৰিব নোৱাৰা বাবে ছবিৰ চৰিত্ৰবোৰৰ কাৰ্যকলাপে দৰ্শকৰ হৃদয়ত ৰেখাপাত কৰিব নোৱাৰে; চিত্ৰনাট্যকাৰে নিৰ্দ্ধাৰিত কৰি থোৱা পথেৰেই চৰিত্ৰবোৰে নিৰ্দিষ্টভাৱে গতি কৰে। চিত্ৰ নাট্যৰ প্ৰয়োজনতহে যে চৰিত্ৰৰ সৃষ্টি- চৰিত্ৰব কাৰ্যকলাপে চিত্ৰনাট্যৰ গতি নিৰ্দ্ধাৰণ নকৰে।

 চিত্ৰনাট্যৰ চৰিত্ৰ সৃষ্টিৰ এই দুৰ্বলতা পৰিচালকে প্ৰায়েই ঢাকি দিব পাৰিছে চৰিত্ৰবোৰক চেলুলয়ডৰ বুকুত স্থাপন কৰোঁতে। মূল চত্ৰিবোৰক অভিনয়ৰ বাবে প্ৰদান কৰা প্ৰচুৰ সুযোগ, কেমেৰাৰ উপযুক্ত ব্যৱহাৰেৰে চৰিত্ৰবোৰৰ অভিব্যক্তিক সহায় কৰা আৰু সহ অভিনেতা -অভিনেত্ৰীৰ সীমিত সুযোগে মূল চৰিত্ৰবোৰ চকুত লগাকৈ ওলাই আহিবলৈ সুবিধা কৰি দিছে। মূল চৰিত্ৰৰ প্ৰতি প্ৰদৰ্শন কৰা এই মনোভাৱে কিন্তু প্ৰকাৰান্তৰে সৰু চৰিত্ৰবোৰক উপযুক্ত বিকাশত বাধা দিছে। এই পৰিমিতিবোধৰ অভাৱত ছবিৰ চৰিত্ৰবোৰে ভাৰসাম্যতা লাভ কৰিব পৰা নাই। জাহ্নু বৰুৱাৰ ছবিবোৰৰ এয়াও এটা প্ৰধান দুৰ্বলতা। সৰু চৰিত্ৰৰ সাৰ্থক চিত্ৰায়ণৰ উদাহৰণ স্বৰূপে আমি সহজেই আঙুলিয়াব

৬১