এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিল। কিন্তু এই বঁটাইতো ছবিখনৰ শিল্পগত গাম্ভীৰ্য আৰু মূল্য বৃদ্ধি কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত বহু ছবি আমাৰ স্মৃতিপটৰ পৰা আঁতৰি গৈছে। হালধীয়া চৰায়ো.. এতিয়া ধূসব স্মৃতি মাথোন।

 ‘বনানি’ ছবিখন নিৰ্মাণৰ আগত জাহ্নু বৰুৱাক লগ পাওতে তেওঁ কৈছিল যে অসমৰ বনাঞ্চলত চলি থকা ধ্বংসলীলাই তেওঁক এই ছবি নিৰ্মাণৰ বাবে অনুপেৰণা যোইছিল। স্বাভাবিকতেই এখন ছবিৰ বাবে এই বিষয়টো অতি সংবেদনশীল। বক্তব্য প্ৰধান এই ছবিখনত পৰিচালকে ঘোষিত বক্তব্য স্পষ্ট আৰু পোনপটীয়া ৰূপত দৰ্শকক স্পৰ্শ কৰিব পৰাকৈ উত্থাপিত কৰিব পাৰিছে।

 তুলনামূলকভাৱে ফিৰিঙতি অধিক নিটোল ছবি। এই ছবিৰ বীজো সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত। গাৱঁৰ ভিতৰৰ এখন স্কুলত জইন কৰিবলৈ গৈ এগৰাকী শিক্ষয়ত্ৰী দেখা পালে যে তেওঁ চাকৰি কৰিবলৈ যোৱা স্কুলখনৰ অস্তিত্বই নাই। ইমানখিনি লৈকেই ছবিখনৰ চমৎকাৰিত্ব। তাৰ পিচত নায়িকাই নানান বাধা- বিঘিনি অতিক্ৰম কৰি স্কুল স্থাপন কৰা কাৰ্যই হিন্দী ছবিৰ নায়কৰ ‘বীৰত্বসূলভ’ কাৰ্যকলাপৰহে পৰিচয় দাঙি ধৰিলে। যি প্ৰতিশ্ৰুতি বহন কৰি ছবিখনৰ আৰম্ভণি হৈছিল সি প্ৰায় ভ্ৰুণাবস্থাতেই বৈ গ’ল, তাৰ সম্পূৰ্ণ বিকাশ নহ’ল।

 ‘সাগৰলৈ বহু দূৰ’ ছবিখন এতিয়ালৈকে চোৱা হোৱা নাই, সেয়ে এই ছবিখনক আলোচনাৰ পৰিধিৰ বাহিৰত ৰখা হ’ল।

 এই আটাইকেইখন ছবিৰ পৰাই দেখা যায় যে ছবিৰ বিষয়বস্তু নিৰ্বাচনত জাহ্নু বৰুৱাই নিজৰ সংস্কৃত ৰুচি, সামাজিক দায়বদ্ধতা আৰু সংবেদনশীলতাৰ পৰিচয় দি আহিছে। কিন্তু কেইটিমান দুৰ্বলতাই তেওঁৰ ছবিবোৰ শিল্পৰস উত্তীৰ্ণ আৰু গভীৰ হোৱাত বাধাৰ সৃষ্টি কৰি আহিছে।

 লেহুকা চিত্ৰনাট্য তেওঁৰ ছবিবোৰৰ প্ৰধান দুৰ্বলতা। এই দুৰ্বল চিত্ৰনাট্যই তেওঁক ছবিৰ কাহিনীটো সম্পূৰ্ণভাৱে‌ কোৱাত বাধা দি আহিছে। সময়, স্থান আৰু ঘটনাৰ উপযুক্ত ধাৰাবাহিকতা তেওঁৰ চিত্ৰনাট্যত প্ৰায়েই অনুপস্থিত। বহু ক্ষেত্ৰত এইবোৰ অবিশ্বাস্য ৰূপতো প্ৰতিফলিত হয়। ফিৰিঙতি ছবিৰ কথাকেই ধৰো। ৬০-৬২ চনৰ

৬০