এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন ব্যাখ্যাৰ পৰশ পোৱা নগ’ল যিয়ে দৰ্শক হৃদয় আলোড়িত কৰি তুলিব পাৰে।

 ইয়াৰ তুলনাত ‘পাপৰি’ত আছিল জাহ্নু বৰুৱাৰ মৌলিক চিন্তাৰ প্ৰতিফলন। এটা সাক্ষাৎ প্ৰসংগত পঢ়িবলৈ পোৱা মতে এটা সত্য ঘটনাই আছিল এই ছবিৰ বীজ। অসম আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ক লোৱা হৈছিল এই কাহিনীৰ পটভূমিৰ সময় হিচাবে। সামগ্ৰিক ভাৱে এই ছবিখনেও দৰ্শকৰ মনত স্থায়ী চাপ ৰাখিব নোৱাৰিলে। এই ব্যৰ্থতাৰ কাৰণ হ’ল ছবিখনৰ মাজত পৰিচালকৰ কোনো গভীৰ চিন্তা প্ৰতিফলন দেখা নগ’ল। সমসাসয়িক সমস্যাৰ কথা ছবিখনত আছিল, কিন্তু সেই সমস্যাৰ চিত্ৰনত কোনো গভীৰতা নাছিল, পৰিচালকৰ কোনো দাৰ্শনিক গভীৰতা নথকা বাবে ছবিখনত উত্থাপন কৰা সমস্যাবোৰ বাতৰি কাকতত প্ৰকাশিত সাধাৰণ বাতৰিৰ লেখীয়াহে হ’লগৈ। বক্তব্য প্ৰধান হ’লেও ছবিখনত এটা নিটোল কাহিনী আছিল, চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে যিটো কাহিনী সৰলভাৱে বিবৃত নহ’ল।

 ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখন নিৰ্মাণ কৰা হৈছিল হোমেন বৰগোহাঞিৰ একে নামৰ উপন্যাসৰ ভেটিত। কোৱা বাহুল্য, কাহিনীগত দিশৰ পৰা উপন্যাসখন সাধাৰণ আৰু একমাত্ৰিক। কোনো মহৎ অথবা বিৰল শিল্পগুণম্পন্ন ছবি হ’ব পৰা উপাদান এই উপন্যাসত নাছিল। তথাপিতো কাহিনীৰ শেষাংশৰ বাস্তৱতা আৰু মহাকাব্যিক নিৰ্লিপ্ততাই উপন্যাসখনক হৃদয়স্পৰ্শ কৰিব পৰা ক্ষমতা প্ৰদান কৰিছিল, ছবিখনত পৰিচালকে কৰা পৰিবৰ্তনেৰে তথাকথিত আশাবাদৰ ইংগিতৰ সংযোগ ঘটাই মূল কাহিনীৰ আবেদন সীমিত কৰি তুলিলে। পৰিচালকে কাহিনীৰ শেষাংশৰ যি পৰিবৰ্তন ঘটাইছিল তাত কোনো গভীৰ চিন্তাৰ প্ৰকাশ ঘটা নাছিল— সি আছিল হাইস্কুলীয়া শ ছাত্ৰৰ একাংকিকা নাটকৰ দৰেই গভীৰ জীৱনবোধৰ অভাৱ থকা, সস্তীয়া চমক দিব পৰা প্ৰৱণতা। উপন্যাসখনৰ কাহিনীভাগৰ গতি আছিল নিটোল, এটা ছন্দত বন্ধা। দুৰ্বল হাতৰ চিত্ৰনাট্যই কাহিনীৰ দেহত নতুন মাত্ৰা সংযোজন কৰাটো বহু দূৰৈৰ কথা— মূল সৰল কাহিনীটোক অতি বিশৃংখল ৰূপতহে উপাস্থাপন কৰিছিল। এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা অৰ্জন

৫৯