এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাহ্নু বৰুৱাৰ চিনেমা

 

 ছয়খন পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী চিত্ৰৰ পৰিচালনাৰ কৃতিত্ব, সেই ছবিবোৰে সংগ্ৰহ কৰা বিভিন্ন বঁটা, বিভিন্ন দেশী-বিদেশী মহোৎসৱত ছবিবোৰ যোগদান আৰু বিভিন্ন সাক্ষাৎপ্ৰসংগত প্ৰদৰ্শন কৰা উপদেশ বৰ্ষণৰ ভংগীমা আদিৰে জাহ্নু বৰুৱা আজিৰ অসমত এজন বহু চৰ্চিত পৰিচালক। এবাৰ বছৰৰ শ্ৰেষ্ঠ ছবিৰ পৰিচালনা কৰা আৰু এবাৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা অৰ্জন কৰা জাহ্নু বৰুৱাৰ সৰ্বভাৰতীয় খ্যাতিৰ ভেঁটি কিমান সবল তাক ইয়াৰ পৰা খাটাংকৈ কোৱা টান। অসমৰ বাহিৰৰ পত্ৰ-পত্ৰিকাত ভাৰতীয় ছবি আৰু ছবিৰ পৰিচালকৰ কথা যিমানবোৰ প্ৰকাশ পাই আহিছে তাৰ অধিকাংশতেই জাহ্নু বৰুৱা বা তেওঁৰ ছবিব উল্লেখ দেখা পোৱা নাযায়।

 জাহ্নু বৰুৱাৰ ছবিবোৰৰ প্ৰথম ইতিবাচক বৈশিষ্ট্য হ’ল ছবিবোৰ পৰিচলাকৰ আন্তৰিক প্ৰচেষ্টাৰ ফচল। ছবিবোৰৰ নিৰ্মাণ অতি পৰিচ্ছন্ন, ব্যৱসায়িক সাফল্যৰ বাবে কোনো ৰুচিহীন বা অৰ্থহীন উপাদানৰ সংযোজন তেওঁৰ ছবিত নাই। অকল কাহিনী কোৱাৰ বাবেই নহয়, পৰিচালকৰ নিজৰ চিন্তা-বক্তব্য প্ৰকাশৰ বাবে তেওঁ ছবি নিৰ্মাণ কৰে। ছবি নিৰ্মাণৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু সন্মান প্ৰতিখন ছবিতেই প্ৰতিটো ফ্ৰেমতেই উপলব্ধি কৰা যায়। এই গুণবোৰৰ সমন্বয়ে জাহ্নু বৰুৱাক এজন ৰুচিবান আৰু দায়বদ্ব পৰিচালক হিচাবে প্ৰতিস্থিত কৰাইছে।

 কিন্তু দৰ্শকৰ মনোজগত আলোড়িত কৰিব পৰাকৈ শিল্পগতভাৱে উত্তীৰ্ণ ছবি নিৰ্মাণৰ বাবে এই গুণকেইটাই সৰ্বস্ব হ’ব নোৱাৰে। ‘Art is a form of Catharsis’ ডৰথি পাৰকাৰে কোৱা এই কথাষাৰ সকলো কলাৰ ক্ষেত্ৰতে সত্য, চলচ্চিত্ৰৰ ক্ষেত্ৰতো জীৱনৰ উপলব্ধিৰ বাৰ্তা বহন কৰিব পৰা কলাইহে ‘কেথৰচিচ’ৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে। এই জীৱনৰ উপলব্ধিৰ প্ৰকাশৰ মাজতেই এজন শিল্পীৰ