এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাকুৰৰ ‘বোৱাৰী’ (’৮২), নিপ বৰুৱাৰ প্ৰেক্ষাগৃহবোৰৰ দূৰৱস্থাইও অসমীয়া ছবিৰ দৰ্শক লাহে লাহে কমাই আনিছে। পৰিবেশক চক্ৰৰ অসহযোগিতাতো আছেই। তাৰ লগতে যদি দৰ্শকে বিচৰা উপাদান ছবিবোৰত নাথাকে, তেন্তে ছবিৰ দৰ্শকৰ সংখ্যা হ্ৰাস পোৱাতো নিশ্চিত।

 বিগত তেৰ বছৰৰ অসমীয়া ছবিবোৰত কাহিনীৰ বৈচিত্ৰতা লক্ষ্য কৰা যায়, নতুন নতুন পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ আগমনো চকুত পৰা দিশ। কিন্তু কাৰিকৰী দিশৰ লোকৰ সংখ্যা আনুপাতিক হাৰত বৃদ্ধি পোৱা নাই। চিনেমা বস্তুনিৰ্ভৰ কলা। ইয়াৰ ব্যৱসায়িক দিশটোও অতি গুৰুত্বপূৰ্ণ। এই দুয়োদিশৰ যোগ্য ব্যক্তিৰ সমাবেশেহে অসমীয়া ছবিক আগুৱাই নিব পাৰিব।

 
৫১