এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিদেশী বিতাৰণ আন্দোলনৰ ফলাফল যিয়েই নহওক কিয়, এই আন্দোলন যে অসমীয়াৰ মনলৈ এটি সজাগতাৰ ভাব আনি দিছিল তাত কোনো সন্দেহ নাই। স্বভাবসুলভ সংকোচ আৰু দ্বিধা এৰি অসমীয়াই মুখ খুলি স্পষ্ট কথা কোৱাৰ সাহস পাইছিল এই আন্দোলনৰ পৰাই। এই সামাজিক পৰিবৰ্তনৰ প্ৰভাবে অসমীয়া ছবিজগতকো স্পৰ্শ কৰি গৈছিল। তাৰ উদাহৰণ হ'ল ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ছবি ‘অগ্নিস্নান’। ‘অগ্নিস্নান’ৰ লগত অসম আন্দোলনৰ কোনো সম্পৰ্কই নাই। কিন্তু আন্দোলনে কঢ়িয়াই অনা সামাজিক আৰু মানসিক পৰিবৰ্তনে ভবেন্দ্ৰনাথ শইকীয়াৰ দৰে পৰিচালককো অনুপ্ৰাণিত কৰিছিল মধ্যবিত্তীয় সমাজৰ দুখ-কষ্টৰ কাহিনীৰ পৰিধি অতিক্ৰম কৰি সামাজিক নৈতিকতা আৰু শৃংখলাবোধক প্ৰত্যাহবান জনাব পৰা ছবি নিৰ্মাণলৈ আগবাঢ়িলহেঁতেন নে নাই তাক ভবাৰ অৱকাশ আছে।

 অসম আন্দোলনে প্ৰভাবিত কৰা আৰু কেইখনমান ছবি হ’ল মৃদুল গুপ্তাৰ ‘সূত্ৰপাত’, হেম বৰাৰ ‘সংকল্প’, জাহ্নু বৰুৱাৰ ‘পাপৰি’, আৰু গৌৰি বৰ্মনৰ ‘যুগে যুগে সংগ্ৰাম’।স্বাধীনতা আন্দোলনক পটভূমি হিচাবে লৈ নিৰ্মাণ কৰা ‘জীৱন জেউতি’ ছবিখনৰ লগত অসম আন্দোলনৰ কিছু অংশৰ তথ্যচিত্ৰধৰ্মী টুকুৰা কেইটামান লগাই নিৰ্মাণ কৰা ‘যুগে যুগে সংগ্ৰাম’ৰ বাহিৰে আন আটাইকেইখন ছবিতেই অসম আন্দোলনৰ উল্লেখ পোনপটীয়া আৰু কাহিনীৰ লগত সম্পৰ্ক থকা। ‘সূত্ৰপাত’ ছবিৰ পৰা অসম আন্দোলনৰ উল্লেখ থকা অংশবোৰ কাটি বাদ দিলেও ছবিৰ মূল বক্তব্যৰ একো সলনি নহয়; ইয়াত আন্দোলনৰ কথা আহিছে কেইটামান চৰিত্ৰ প্ৰয়োজনত। জাহ্নু বৰুৱাৰ ‘পাপৰি’ত অসম আন্দোলনৰ উল্লেখ কাহিনীৰ বিকাশৰ লগত সম্পৰ্ক থকা, কিন্তু ইয়াৰ প্ৰয়োগ কৰা হৈছে অতি কৌশলগতভাবে। আন্দোলনটিৰ সামাজিক বা ৰাজনৈতিক তাৎপৰ্যৰ প্ৰসংগ কাহিনীকাৰ পৰিচালকে এৰাই গৈছে। ৰঞ্জিত শৰ্মাৰ কাহিনী আৰু চিত্ৰনাট্যৰে হেম বৰাই পৰিচালনা কৰা ‘সংকল্প’ সম্পূৰ্ণভাবে আন্দোলনকেন্দ্ৰীক। কাহিনীৰ বিকাশ, পৰিণতি, বিভিন্ন চৰিত্ৰৰ কাম-কাজ সকলো আন্দোলনক কেন্দ্ৰ কৰিয়েই আবৰ্তিত হৈছে। পোনপটীয়াকৈ অসম আন্দোলনৰ কথা নাই, কিন্তু এই আন্দোলনে

৪৬