এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অগতানুতিক ছবি এখন নিৰ্মাণ কৰা পৰিচালক সাগৰ সংগম চৰকাৰে। পুনাৰ ফিল্ম ইন্সটিটিউটৰ পৰা পৰিচালনা বিভাগত স্নাতক হৈ এইগৰাকী তৰুণ পৰিচালকৰ প্ৰথম ছবি তৃষ্ণাত দেখা যায় কাৰিকৰী নৈপুণ্য, চিত্ৰভাষাৰ বিষয়ৰ সংবেদনশীলতা, বিষয়বস্তুৰ গভীৰতা আৰু দাৰ্শনিক চিন্তাৰ আভাস। এইগৰাকী বুদ্ধিদীপ্ত পৰিচালকৰ পৰা আমি ভালেখিনি আশা কৰিব পাৰোঁ।

 আৰু কেইগৰাকীমান চিত্ৰপৰিচালকৰ কথা ইয়াতে উল্লেখ কৰিব পাৰি যিসকলে গড্ডলিকা প্ৰবাহৰ বিপৰীতে গৈ অসমীয়া ছবিজগতত নিজৰ আসন প্ৰতিষ্ঠিত কৰিব পাৰিছে। এওঁলোক হ’ল আনোৱাৰ হুচেইন (কাহিনীৰ বিচিত্ৰতা), নলীন দুৱৰা (অসমীয়া গ্ৰাম্য জীৱনৰ সংবেদনশীল প্ৰতিচ্ছবি থকা ছবি মমতা), মনোৰঞ্জন সুৰ (অগতানুগতিক কাহিনী আৰু চিত্ৰভাষাৰ ক্ষেত্ৰত পৰীক্ষা চলোৰ ছবি উত্তৰণ) সমৰেন্দ্ৰ নাৰায়ণ দেব (অগতানুগতিক আৰু ৰুচিপূৰ্ণ কাহিনীৰ ছবি অৰণ্য আৰু পুতলাঘৰ), গৌতম বৰা (কাৰিকৰী দক্ষতাৰ পৰিচয়বাহী ছবি অছবিপ’), অতুল বৰদলৈ (বিষয়বস্তুৰ বৈচিত্ৰ্য থকা ছবি দৃষ্টি, কল্লোল), হেমন্ত দাস (চিত্ৰভাষাৰ ক্ষেত্ৰত পৰীক্ষা চলোৱা ছবি তথাপিও নদী), মৃদুল গুপ্তা (বক্তব্য-প্ৰধান ছবি সূত্ৰপাত আৰু নিৰ্মাণ সৌন্দৰ্য থকা ছবি অভিমান) আৰু ইন্দুকল্প হাজৰিকা। ইন্দুকল্প হাজৰিকাই মানৱ আৰু দানব ছবিৰে মহাজনৰ হাতৰ মুঠিত বন্দী হৈ থকা এচাম নতুন মানুহক অসমীয়া ছবিজগতলৈ লৈ আহি অসমীয়া ছবিৰ দেহত নতুন তেজৰ যোগান ধৰিছিল।

 লেখকৰ টোকা

 ১। দৰ্শক আৰু চিত্ৰ-নিৰ্মাতাৰ মাজৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে এই বিষয়টোকলৈ তৰ্কৰ অন্ত নাই। দৰ্শকে সহজে বুজি পাওক বুলিয়েই স্ৰষ্টা এজনে দৰ্শকৰ মানসিক অৱস্থাৰ স্তৰত নিজকে স্থাপন কৰা সহজ নহয়; তেনেদৰে দৰ্শকেও একেজাপে নিজৰ মানসিক স্তৰ স্ৰষ্টাৰ স্থানলৈ লৈ যোৱা সম্ভৱ নহয়। সাধাৰণতে দেখা যায় যে এজন আত্মমগ্ন আৰু শিল্প নিবেদিত প্ৰাণৰ স্ৰষ্টা সদায়েই সময়তকৈ আগবঢ়া হ’বলৈ বাধ্য। সেয়ে বহু কালজয়ী সৃষ্টিৰ ক্ষেত্ৰত দেখা যায় যে স্ৰষ্টাৰ সৃষ্টিয়ে তেওঁৰ জীৱন কালৰ পিচতহে স্বীকৃতি পায়।


৩৩