এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবিখনে দৰ্শকৰ মনত বিশেষ একো প্ৰভাৱ পেলাব নোৱাৰিলে, মাথোন বোম্বাইৰ চিনেমাৰ শিল্পীৰ অংশগ্ৰহণৰ চমক আৰু চিত্ৰগ্ৰহণৰ সুন্দৰতা দৰ্কশৰ মনত থাকিল।

 অপৰূপাৰ পৰাই জাহ্নুবৰুৱাই কাহিনীৰ সলনি বিষয়বস্তুক গুৰুত্ব দি ছবি নিৰ্মাণ কৰিবলৈ ধৰিলে। ফলস্বৰূপে চমকপ্ৰদ বিষয় একোটাক ছবিৰ মাজলৈ টানি আনিবলৈ ধৰিলে।

 একমাত্ৰ পাপৰিৰ বাহিৰে আন আটাইকেইখন ছবিয়েই পৰম্পৰাগত বৰ্ণনাধৰ্মী ছবি।

 জাহ্নু বৰুৱাৰ প্ৰসঙ্গত ক’ব পাৰি যে যদি বিষয়বস্তুৰ আৰু অধিক গভীৰতালৈ প্ৰৱেশ কৰিব পাৰে, আৰু চৰিত্ৰ চিত্ৰায়ণৰ ক্ষেত্ৰত প্ৰয়োজনীয় মনোযোগ দিব পাৰে আৰু কাহিনী কথনত মসৃণতা আনিব পাৰে, তেন্তে তেখেতে নিশ্চয় আমাক উপভোগ্য ছবি উপহাৰ দিব পাৰিব বুলি আমাৰ বিশ্বাস।

 অসমীয়া বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা এগৰাকী পৰিচালক হ’ল পুনা ফিল্ম এণ্ড টিভি ইন্সটিটিউটৰ স্নাতক জনচ মহলীয়া। এখেতৰ ছবিত কাৰিকৰী নৈপুণ্যৰ চিনাকী থকাটো অতি স্বাভাৱিক কথা। এই নৈপুণ্যৰ লগতে লগ হৈছেহি পৰিচালকৰ আৱিষ্কাৰধৰ্মী আচৰণ। সম্পাদনাৰ প্ৰচলিত নিয়ম মতে শব্দ আৰু ছবিক সমান্তৰালভাৱে মিশ্ৰণ কৰাৰ যি নিয়ম তাৰ সলনি শব্দ আৰু ছবিক আগ-পিচ কৰি দি দৃশ্য একোটাক অধিক ব্যঞ্জনাময় কৰি তোলাত জনচ মহলীয়াৰ দক্ষতা লক্ষ্যণীয়। ইয়াৰ সফল উদাহৰণ দেখা যায় বহাগৰ দুপৰীয়া ছবিত।

 জনচ মহলীয়াৰ ছবিৰ প্ৰধান দুৰ্বলতা নিহিত হৈ থাকে ছবিৰ কাহিনীত। সুন্দৰ আৰম্ভণি, চৰিত্ৰৰ বিশ্বাসযোগ্য চিত্ৰায়ণ আদি থকাৰ পিচতো কাহিনীৰ শেষাংশৰ দৰ্বলতাই ছবিখনক সফল হোৱাত বাধা দিয়ে। দুৰণিৰ ৰং আৰু বহাগৰ দুপৰীয়া এই দুয়োখন ছবিতে একে দুৰ্বলতা।

 তৰুণ পৰিচালকসকলৰ ভিতৰত সৰ্বাধিক প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ বহন

কৰিছে মহিম বৰাৰ চুটি গল্প ‘ৰাতিফুলা ফুল’ৰ আধাৰত তৃষ্ণা নামৰ

৩২