এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বাস্তৱধৰ্মী ছবিৰ পথ-প্ৰদৰ্শক। অসমীয়া ছবিক থিয়েটাৰ আৰু গান- বাজানাৰ হতোৰাৰ পৰা মুক্ত কৰি চলচ্চিত্ৰ কলাৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মানৰবাবেই এই ছবিখনে বিশেষ মৰ্যাদা দাবী কৰে। ছবিৰ কাহিনীক ছবিৰ মাজেৰে উপস্থাপন কৰাত বিশ্বাসী পদুম বৰুৱাই গঙা চিলনীৰ পাখিত বিশেষ সাফল্য দেখুৱাইছিল কেমেৰা আৰু সংগীতৰ ব্যৱহাৰত। ছবিৰ পাত্ৰ-পাত্ৰীক কেমেৰাৰ সন্মুখত নাটকৰ দৰে থিয় কৰোৱাৰ যি পদ্ধতি অসমীয়া ছবিত চলি আহিছিল (আজিও আছে) তাৰ পৰিবৰ্তে এই ছবিত কেমেৰাই মুক্তভাৱে বিচৰণ কৰিছিল। দৃষ্টিনন্দন ভিজ্যুৱেল আছিল এই ছবিৰ অন্যতম আকৰ্ষণ। স্থবিৰ আৱহ- সংগীতৰ ব্যৱহাৰো আছিল বাস্তৱধৰ্মী আৰু কল্পনাসমৃদ্ধ। আনহতে শাখা-প্ৰশাখাহীন একমাত্ৰিক দুৰ্বল কাহিনী, বৰ্ণনাধৰ্মী ছবিৰ ক্ষেত্ৰত থাকিবলগীয়া নাটকীয়া গাঁথনিৰ অভাৱ, অভিনেতা-অভিনেত্ৰীসকলৰ দুৰ্বল অভিনয়— এইবোৰ আছিল ছবিখনৰ দুৰ্বল অংগ। সামগ্ৰিকভাবে ছবিখনৰ কলাগত সাফল্য সীমিত হ’লেও ছবিজগতত বাস্তৱধৰ্মী ছবিৰ ভেটি স্থাপনৰ বাবেই পৰিচালক পদুম বৰুৱাই এখন মৰ্যাদাপূৰ্ণ আসন অধিকাৰ কৰিছে। পৰৱৰ্তী ছবিত আমি হয়তো শ্ৰীবৰুৱাক এজন সফল পৰিচালকৰ ৰূপত আৱিষ্কাৰ কৰিলোহেঁতেন। কিন্তু অসমীয়া ছবিজগতৰ দুৰ্ভাগ্য, তেখেতে দ্বিতীয়খন ছবি নিৰ্মাণৰ সুযোগ আজিও পোৱা নাই।

 অপৰূপা (হিন্দী ৰূপৰ নাম অপেক্ষা), পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি আৰু ফিৰিঙতি- এই পাঁচখন ছবিৰে পুনাৰ ফিল্ম এণ্ড টিভি ইন্সটিটিউটৰ স্নাতক জাহ্নু বৰুৱাই নিজকে এগৰাকী বিশিষ্ট পৰিচালক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছে। ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ দৰে জাহ্নু বৰুৱাই নিজৰ ছবিক নিজ ৰাজ্যৰ বাহিৰলৈ লৈ গৈ যোগ্যতাৰে দেশ-বিদেশত পৰিচয় কৰাই দিব পাৰিছে। বিষয়বস্তুৰ বৈচিত্ৰ আৰু পৰিচ্ছন্ন নিৰ্মাণ জাহ্নু বৰুৱাৰ ছবিৰ চকুত লগা বৈশিষ্ট্য।

 অপৰূপাৰ কাহিনীভাগ আছিল সাধাৰণ এগৰাকী বিবাহিত নাৰীৰ জীৱনলৈ পূৰ্বৰ প্ৰেমিকৰ আগমন— এনে কাহিনী নীতি-বায়ুগ্ৰস্থ

অসমীয়া দৰ্শকৰ বাবে নতুন হ’লেও অপটু কাহিনী-কথনৰ বাবে

৩১