এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সঞ্চয় বিভাগৰ বাবে অসমীয়াত নিৰ্মাণ কৰা প্ৰচাৰধৰ্মী চুটি ছবিখনৰো বিশেষত্ব হ’ল হাস্যৰস। এই দুখনৰ বাহিৰে ড॰ শইকীয়াৰ আন কোনো ছবিতেই হাস্যৰসৰ প্ৰয়োগ দেখিবলৈ পোৱা নাযায়— দুই এটা সংলাপ বা ডিটেইলজৰ খাতিৰত ব্যৱহাৰ কৰা দুই এটা শ্বটৰ বাহিৰে।

 কিন্তু ছবি এখনৰ আত্মিক দিশত প্ৰকাশ কৰা দক্ষতা ড॰ শইকীয়াই ছবিৰ কাৰিকৰী দিশত প্ৰদৰ্শন কৰিব পৰা নাই। কাৰিকৰী দিশত প্ৰধানতঃ কেমেৰাৰ কামত ড॰ শইকীয়াৰ আচৰণ সংৰক্ষণশীল, পোনপটীয়া আৰু সৰল। ছবিৰ চাৰিচুকীয়া দ্বিমাত্ৰিক ফ্ৰেইমটোক ত্ৰিমাত্ৰিক গভীৰতা দিয়াৰ প্ৰয়াস, ছাঁ-পোহৰৰ বহুমাত্ৰিক ব্যৱহাৰেৰে ছবিখনৰ texture অধিক আটিল কৰি তোলা, ৰঙৰ বহুমাত্ৰিক প্ৰয়োগ আদি কথাবোৰ ড॰ শইকীয়াই প্ৰায়ে আওকাণ কৰি অহা দেখা যায়। আনকি বুহক্ষেত্ৰত কেমেৰাৰ সঠিক দৃষ্টিকোণ নিৰ্বাচন আৰু ফ্ৰেইমিঙৰ সৌন্দৰ্যৰ বিষয়তো সঠিক যত্ন লোৱা নহয়। কেমেৰাৰ আচৰণ কোনো ক্ষেত্ৰতেই আৱিষ্কাৰধৰ্মী নহয়, শব্দ আৰু ছবিৰ জটিল সংমিশ্ৰণৰ প্ৰচেষ্টাও তাত নাথাকে। উদাহৰণ হিচাপে সাৰথি ছবিখনৰ কথাকে উনুকিয়াব পাৰি: অতীত, বৰ্তমান আৰু কল্পনা— এই তিনিওবিধ উপাদান চিত্ৰনাট্যত যি বুদ্ধিদীপ্ত ৰূপত উপস্থাপিত কৰা হৈছিল, ছবিত কেমেৰাৰ কামৰ মাজেৰে সেই মনৰ বুদ্ধিদীপ্ততা যেন প্ৰকাশ কৰিব পৰা নগ’ল।

 অৱশ্যে ড॰ শইকীয়া ‘বিকাশশীল’ পৰিচালক। বিষয়বস্তুৰ বৈচিত্ৰ্য, ৰূপবন্ধৰ ক্ষেত্ৰত চলোৱা পৰীক্ষা-নিৰীক্ষা, ছবিৰ দাৰ্শনিক গভীৰতা - ড॰ শইকীয়াৰ ছবিত এই তিনিওটা উপাদানে বিকাশ লাভ কৰি আহিছে। যিকোনো শিল্পৰ স্থায়িত্বৰ বাবে বিষয়বস্তুত যি দাৰ্শনিক গভীৰতা থকা প্ৰয়োজন অৰ্নিবাণত অংকুৰিত হোৱা সেই গভীৰতাই নিটোল ৰূপ পৰিগ্ৰহ কৰিছে সাৰথি ছবিত। এই পৰ্যায়ৰ দাৰ্শনিক গভীৰতা কোনো অসমীয়া ছবিতেই বিচাৰি পোৱা নাযায়। কাৰিকৰী দিশৰ দুৰ্বলতা আঁতৰ কৰিব পাৰিলেই যে ড॰ শইকীয়া অভাৱনীয় উচ্চতালৈ যাব পাৰিব তাত কোনো সন্দেহ নাই।

 গঙা-চিলনীৰ পাখি ছবিৰে আত্মপ্ৰকাশ কৰা পদুম বৰুৱা অসমীয়া

৩০