এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৰিব।

 ড॰ শইকীয়াৰ ছবিৰ আন এটি চকুত পৰা দিশ হ’ল শিল্পীসকলৰ সু-অভিনয়। অকল মূল চৰিত্ৰৰ ক্ষেত্ৰতে নহয়, সূক্ষ্মাতিসূক্ষ্ম চৰিত্ৰত অভিনয় কৰা শিল্পীৰ পৰাও বিশ্বাসযোগ্য অভিনয় আদায় কৰাত ড॰ শইকীয়া সিদ্ধহস্ত। ছবিব অভিনেতা-অভিনেত্ৰীৰ পৰা সু-অভিনয় আদায় কৰাৰ বাবে চিত্ৰনাট্যত চৰিত্ৰটি সুলিখিত হোৱাৰ লগতে পৰিচালকৰ কেইটিমান বিশেষ গুণ থকাটো প্ৰয়োজনীয়। চৰিত্ৰটোৰ কায়িক আৰু আত্মিক ৰূপৰ স্পষ্ট ধাৰণা, অভিনেতা বা অভিনেত্ৰী গৰাকীৰ ঋণাত্মক দিশবোৰ ধনাত্মক দিশেৰে ঢাকি দিব পৰা কৌশল আৰু অংগি-ভঙ্গি (যাক ডেজমণ্ড মৰিছে ইণ্টিমেইট বিহেইভিয়াৰ আখ্যা দিছে)ৰ বিষয়ে থকা সঠিক জ্ঞান। গল্পলেখক হিচাপে আয়ত্ত কৰা সূক্ষ্ম পৰ্যবেক্ষণ আৰু নাট পৰিচালনাৰ অনুশীলনে চিত্ৰ পৰিচালক ড॰ শইকীয়াক এই ক্ষেত্ৰত সহায় কৰিছে। অভিনেতা-অভিনেত্ৰীক মূল অংগ হিচাপে লৈ নিৰ্মাণ কৰা কাহিনী প্ৰধান ছবি এখন জীৱন্ত হৈ উঠাৰ প্ৰধান চৰ্ত হ’ল চৰিত্ৰবোৰৰ মাজেৰে প্ৰকাশ পোৱা অনুভূতিৰ তব্ৰতা। এই প্ৰকাশ বহুমাত্ৰিক হ’লেহে চৰিত্ৰবোৰ আত্মিক ৰূপত নিপোটল হৈ উঠিব পাৰে, যিটোৰ বাবে প্ৰয়োজন হয় পৰিচালকৰ গভীৰ অন্তৰ্দৃষ্টি আৰু উপলব্ধিৰ সততা। এই গুণৰ সাৰ্থক সমন্বয়ৰ বাবে ড॰ শইকীয়াৰ ছবিৰ চৰিত্ৰবোৰ তেজ মঙহৰ মানুহৰ ৰূপত লগ পোৱা যায়। এই দিশত কোনো অসমীয়া পৰিচালকেই ড॰ শইকীয়াক চেৰ পেলাব পৰা নাই বুলিয়েই আমাৰ বিশ্বাস; সৰ্বভাৰতীয় পৰ্যায়তো এই গুণ থকা পৰিচালকৰ সংখ্যা বৰ কম। বক্তব্য আৰু কাহিনীৰ মৌলিকত্ব, গভীৰ অন্তৰ্দৃষ্টি আৰু তাক ছেলুলয়ডত প্ৰকাশ কৰাৰ দক্ষতা -মূলতঃ এই তিনিটা গুণৰ বাবেই ড॰ শইকীয়াই ভাৰতৰ প্ৰথম শাৰীৰ চিত্ৰ নিৰ্মাতাসকলৰ এজন হিচাপে পৰিচয় বহন কৰিছে।

 দূৰদৰ্শনৰ বাবে কলিকতাৰ এগৰাকী প্ৰযোজক বীৰেশ চেটাৰ্জীৰ প্ৰযোজনাত ড॰ শইকীয়াই পৰিচালনা কৰা হিন্দী ছবি ‘দৰ্পহৰণ’ আছিল ৰবীন্দ্ৰনাথৰ কাহিনীৰ চিত্ৰৰূপ। এই ছবিখনত প্ৰকাশ পাইছে ড॰

শইকীয়াৰ সূক্ষ্ম উইট আৰু হিউমাৰ পৰিবেশনৰ নিজস্ব পদ্ধতি। ক্ষুদ্ৰ

২৯