এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনীসমূহ লৈছে নিজৰ সুলিখিত বিভিন্ন গল্প আৰু উপন্যাসৰ পৰা আৰু প্ৰতিবাৰেই বেলেগ বেলেগ বক্তব্য তেখেতে চিত্ৰায়িত কৰিছে। সন্ধ্যাৰাগত ক্ষুধাজৰ্জৰ নায়িকাই আত্মসমৰ্পণ কৰিছে বীৰ্যহীন পুৰুষৰ ওচৰত যিয়ে ইংগিত দিয়ে জীৱনৰ ধাৰাবাহিকতাৰ সমাপ্তিৰ; অনিৰ্বাণ ছবিত কিন্তু নায়ক-নায়িকাই জীৱনৰ সকলো বাধা-বিঘিনি, যন্ত্ৰণা নেওচি জীৱনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ পোষকতা কৰিছে। অগ্নিস্নান পুৰুষ শাসিত সমাজৰ দ্বাৰা নিৰ্ধাৰিত মূল্য বোধৰ বিৰুদ্ধে এগৰাকী নাৰীৰ প্ৰতিবাদ। কোলাহল জীৱন যুদ্ধত নামি পৰা এগৰাকী অকলশৰীয়া নাৰীৰ সংগ্ৰামৰ কাহিনী আৰু সাৰথিত উত্থাপিত হৈছে এগৰাকী মধ্যবিত্তীয় পুৰুষৰ স্ব-অস্তিত্বৰ প্ৰশ্ন। এই পাঁচোখন ছবিৰ পৰা দেখা যায় যে ড॰ শইকীয়াই কেতিয়াও বক্তব্যৰ পুৰাবৃত্তি কৰা নাই আৰু সেয়া সম্ভৱ হৈছে এগৰাকী কথাশিল্পী হিচাপে তেখেতে অৰ্জন কৰা অসামান্য দক্ষতাৰ বাবে। গল্পকাৰ হিচাপে ড॰ শইকীয়াই কাহিনী- কথনৰ যি নিপুণতা প্ৰদৰ্শন কৰিছে সেই নৈপুণ্যই চিনেমাৰ কাহিনী- কথনকো সাৱলীল কৰি তোলাত সহায় কৰিছে। কিন্তু, এইখিনিতে আন এটি কথা কোৱাৰো প্ৰয়োজন আছে যে চুটিগল্পত ড॰ শইকীয়াই ডিটেইলজ্‌ৰ ক্ষেত্ৰত যি ধৰণৰ গুৰুত্ব প্ৰদান কৰে, সন্ধ্যাৰাগ আৰু অনিৰ্বাণ ছবিত ঠিক সেই মানসিকতাৰে প্ৰকাশ ঘটিছিল। ফলস্বৰূপে চিত্তবিনোদক হ’লেও অপ্ৰয়োজনীয় ডিটেইলজ্‌ৰ সংযোজনে ছবিৰ সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস কৰিছিল। পিচৰ ছবিবোৰত কিন্তু ড॰ শইকীয়া এইবোৰ দুৰ্বলতাৰ পৰা মুক্ত।

 অনাতাঁৰ আৰু মঞ্চনাট ৰচনাৰ অভিজ্ঞতাই ড॰ শইকীয়াক সহায় কৰিছে চিত্ৰনাট্য ৰচনাৰ ক্ষেত্ৰত। খুব কম পৰিসৰৰ মাজত কাহিনীৰ নাটকীয় মুহূৰ্ত আৰু দ্বন্দ ৰচনা আৰু ঘনবদ্ধ সংলাপ ৰচনাৰ পাৰদৰ্শিতা আয়ত্ত কৰাৰ বাবে নাটকৰ অভিজ্ঞতাই তেখেতক সহায় কৰিছে। সংলাপ ৰচনাৰ এই পাৰদৰ্শিতাই কিন্তু মাজে মাজে ড॰ শইকীয়াক বিশ্বাসঘাটকতাও নকৰা নহয়। আসমীয়া সংলাপৰ মাধুৰ্য আবেদন আৰু ইংগিতধৰ্মিতা ইংৰাজী ছাব-টাইটেল বহু ক্ষেত্ৰত প্ৰকাশ

কৰিব নোৱাৰে। অৱশ্যে এই অসুবিধা সকলো পৰিচালকেই ভো

২৮