এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শিল্প সৃষ্টিৰ ক্ষেত্ৰত শিল্পক সদায়েই মনৰ দুটা দিশে প্ৰভাৱিত কৰে। এটি ব্যক্তিগত জীৱনৰ ঘটনাৰ প্ৰতিক্ৰিয়া আৰু দ্বিতীয়তে জীৱনৰ অপূৰ্ণ আকাংক্ষাৰ কল্পিত ৰূপ। সত্যজিতৰ ছবিবোৰত ব্যক্তি সত্যজিতৰ এই দুয়োটা ৰূপেই প্ৰকাশিত হৈছে।

 

 লেখকৰ টোকা:

 ক. এই প্ৰবন্ধটিৰ পৰিকল্পনা কৰি দিছিল ‘একত্ৰিছ জুন’ ছবিৰ পৰিচালক ভাস্কৰ বৰাই। অকল পৰিকল্পনা কৰি দিয়াই নহয়, সত্যজিতৰ কেইবাখনো ছবিৰ ভিডিঅ’ কেছেট, ভিচিপি আৰু কেইবাখনো কিতাপ তেখেতে সংগ্ৰহ কৰি দিছিল। এই সহায়ৰ অবিহনে এই প্ৰবন্ধ ৰচনা হৈ নুঠিলহেঁতেন।

 খ. প্ৰবন্ধটোত ব্যৱহাৰ কৰা উদ্ধৃতিবোৰ তলৰ উৎসসমূহৰ পৰা লোৱা হৈছে।

 ১. Andrew Robinson Satyajit Ray- The Inner Eye গ্ৰন্থ।

 ২. Sight & Sound পত্ৰিকাৰ Summer '70 সংখ্যা।

 ৩. শ্যাম বেনেগালে নিৰ্মাণ কৰা Satyajit Ray নামৰ সাক্ষাতকাৰ ভিত্তিক তথ্যচিত্ৰ আৰু কিতাপ আকাৰে প্ৰকাশ পোৱা চিত্ৰনাট্যখন।

 ৪. Satyajit at seventy