এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সত্যজিতে বাস্তবতাৰ এই দিশটো কৌশলগতভাবে এৰাই চলাৰ কাৰণ কি? নে তেওঁৰ মডেল ৰোলত নাৰীৰ স্থান নাই?

 আনহাতে, সত্যজিতৰ ছবিত প্ৰেমৰ কোনো স্মৰণীয় দৃশ্য নাই। বিবাহোত্তৰ জীৱনত স্বামী-স্ত্ৰীৰ মাজৰ সুন্দৰ প্ৰেমময় সম্পৰ্কৰ স্মৰণীয় দৃশ্য সত্যজিতে তীব্ৰ সংবেদনশীল ৰূপত অংকন কৰিছে যদিও প্ৰাক্‌- বৈবাহিক প্ৰেমৰ দৃশ্য সত্যজিতে যেন এৰাই যাব বিচাৰে। ‘জন-অৰণ্য’, ‘কাঞ্চনজংঘা’ আদি ছবিত প্ৰেমৰ দৃশ্য আছে যদিও সেইবোৰৰ কোনো ইতিবাচক পৰিণতি দেখিবলৈ পোৱা নাযায়।

 ব্যক্তিগক জীৱনত সত্যজিত ৰায় প্ৰেমত পৰিছিল নিজৰ পৰিয়ালৰ সম্পৰ্কৰে ছোৱালীৰ লগত যিগৰাকী বয়সত আছিল তেওঁতকৈ ডাঙৰ। বিবাহেৰে এই সম্পৰ্ক স্থায়ী কৰিবলৈ যাওঁতে সত্যজিতে যথেষ্ট বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল। ব্যক্তিগত জীৱনত ইমান সাহসৰ পৰিচয় দিয়া সত্যজিতে কিয় ছবিত প্ৰেমৰ দৃশ্য অংকন কৰোতে সাহসৰ পৰিচয় দিব পৰা নাই! নে তেওঁ ব্যক্তিগত জীৱনত লাভ কৰা বাধাৰ স্মৃতিয়ে তেওঁক ইয়াৰ পৰা বিৰত ৰাখিছে?

 আনপিনে কিয় বিবাহোত্তৰ জীৱনৰ নিষিদ্ধ প্ৰেমৰ ঘটনাই সত্যজিতৰ কেইবাখনো ছবিত গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে। ‘পিকু’, ‘চাৰুলতা’, ‘শাখা-প্ৰশাখা’, ‘ঘৰে-বাইৰে’ ইয়াৰ উদাহৰণ। এই দৃশ্যবোৰত কিন্তু সত্যজিত ৰায় উদাৰ, সাহসী আৰু তেওঁ নৈতিকতাৰ দৃষ্টিৰে এই ঘটনাবোৰ বিচাৰ কৰা নাই। বৰং এটি সহানুভূতিৰ ভাবেহে এই দৃশ্যবোৰ আৱৰি ৰাখিছে।

 প্ৰশ্ন হয়, সত্যজিতৰ এনেকুৱা কিবা বিবাহোত্তৰ সম্পৰ্ক আছিল নেকি, যিবোৰক তেওঁ বাস্তৱত প্ৰকাশ কৰিব নোৱাৰি ছবিৰ যোগেৰে প্ৰকাশ কৰিব বিছাৰিছল? ‘চাৰুলতা’ৰ অভিনেত্ৰী মাধবীয়ে এটি বিস্ফোৰক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে সত্যজিতৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। মাধবী মুখাৰ্জীৰ এই দাবীৰ সমৰ্থনত একো তথ্য প্ৰকাশ পোৱা নাই। যদিহে মাধবীৰ কথা সত্য হয়, তেতিয়া হ’লে সত্যজিৎ ছবিৰ বিবাহোত্তৰ প্ৰেমৰ দৃশ্যৰ বিষয়ে আমি কৰা প্ৰশ্নৰ উত্তৰ বিচাৰি

পোৱা যাব।

২৩