এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ছবিৰ যোগেৰে জনপ্ৰিয় হোৱা লোকে জনপ্ৰিয়তাৰ কিমান মূল্য আদায় দিবলগীয়া হয় তাকে কোৱাৰ বাবে সত্যজিতে ‘নায়ক’ ছবিখন নিৰ্মাণ কৰিছিল।

 জনপ্ৰিয় শিল্প বা শিল্পীৰ প্ৰতি তথাকথিত ‘এলিট’ শিল্পৰসিক আৰু বুদ্ধিজীৱীসকলৰ দৃষ্টি সদায়ে উন্মাষিক। তীক্ষ ব্যঙ্গৰে সত্যজিতে এই কথা প্ৰকাশ কৰিছে এনেদৰে— ট্ৰেইনৰ ডাইনিং কাৰত নায়ক অৰিন্দমক দেখা পায় নাৰীবাদী আলোচনীৰ সম্পাদিকাই। আলোচনী বা নিজৰ পেছাৰ স্বাৰ্থত সম্পাদিকাই নায়কক লগ পোৱাৰ সুবিধা গ্ৰহন কৰিব বিচাৰে। কথা আৰম্ভ কৰাৰ বাবে তেওঁ চেলুলয় অটোগ্ৰাফ বিচৰা তেওঁ নিজৰ বাবে অটোগ্ৰাফ বিচৰাটো যেন সন্মান হানিকৰ কাম হ’ব— সেয়ে তেওঁ সেই অটোগ্ৰাফটো ভাগীনিয়েকৰ বাবে লাগে বুলি ক’বলৈকো নাপাহৰে!

 পথেৰ পাচালী নিৰ্মাণৰ সময়ত ভালেকেইজন প্ৰবীন পৰিচালকে সত্যজিতক বাধা দিয়াৰ চেষ্টা চলাইছিল; ষ্টুডিঅ’ত অন্তৰ্দৃশ্য গ্ৰহণ কৰি থাকোতে তেওঁৰ কৰ্ম পদ্ধতিক লৈ বহু প্ৰবীণ পৰিচালকে তেওঁক ঠাট্টা মস্কৰাও কৰিছিল। এই ঘটনা নায়ক ছবিত প্ৰকাশ পাইছে এনেদৰে- এক প্ৰবীণ অভিনেতাই নবীন অভিনেতা গৰাকীক (নায়কক) অভিনয়ৰ ভুল ধৰি ‘ঘৰ ভৰ্তি’ মানুহৰ সন্মুখত ঠাট্টা-মস্কৰা কৰে। ভদ্ৰলোক প্ৰবীণ অভিনেতা, সেয়ে নায়কে তেওঁক মানুহৰ সন্মুখত একো নক’লে। পিচত এই ঘটনাৰ ৰোমন্থন কৰি নায়কে কয়- ‘ভদ্ৰলোক বয়সত প্ৰবীণ সেইবাবে মই একো নক’লো। কিন্তু জানো যে তেওৰ অভিনয়ৰ ধাৰাটো পুৰণি, আজি অচল।’ উত্তেজিত হৈ পৰা নায়কে টেবিলত চাপৰ মাৰি কৈ উঠে— I'll go to the top... to the top...to the top, নায়কৰ এই প্ৰতিক্ৰিয়া যে সত্যজিতে ‘পথেৰ পাচালী’ৰ সময়ত লাভ কৰা ঠাট্টা-মস্কৰাৰ প্ৰতিক্ৰিয়া সেই কথা বুজাত অকণো কষ্ট নহয়।

 সত্যজিতৰ কিছু বন্ধু আছিল বামপন্থী ৰাজনীতিৰ লগত জড়িত। তাৰে কেইজনমানে আহি সত্যজিতক অনুৰোধ কৰিছিল শ্ৰমিকৰ জীৱনক লৈ ছৱি এখন নিৰ্মাণ কৰাৰ বাবে। শ্ৰমিকৰ জীৱনৰ বিষয়ে পৰ্যাপ্ত

জ্ঞান নথকাৰ বাবেই সেই ছবি নিৰ্মাণৰ অনুৰোধ সত্যজিতে ৰক্ষা কৰিব

২০