এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সৌমিত্ৰক যে সত্যজিতে ‘অল্টাৰ ইগো’ৰ ৰূপত কল্পনা কৰি ভাল পাইছিল তাৰ প্ৰমাণ পোৱা যায় তেওঁৰ ৰহস্য উপন্যাসখনিৰ মাজত। এই ৰহস্য কাহিনীলানিৰ মূল চৰিত্ৰ ডিটিকটিভ ফেলুদাৰ আচৰণ, কৌতুহল আৰু জ্ঞান-তৃষ্ণাৰ মাজত দেখা যায় সত্যজিতৰ প্ৰতিফলন। শৈশৱ আক যৌবনত সত্যজিতে ভাৰতৰ বিভিন্ন স্থানত কৰা ভ্ৰমণৰ অভিজ্ঞতা আৰু ভ্ৰমণৰ প্ৰতি থকা আকৰ্ষণ ফেলুদা কাহিনীবোৰত প্ৰকাশিত হৈছে। প্ৰায় প্ৰতিখন উপন্যাসতেই থাকে ফেলুদাৰ ভ্ৰমণৰ পৰিকল্পনা আৰু শেষত ৰহস্য অনুসন্ধানৰ কামতেই তেওঁ বিভিন্ন স্থানত ভ্ৰমি ফুৰিবলগীয়া হয়। ফেলুদাৰ ৰহস্য কাহিনীবোৰত ভ্ৰমণে এটি গুৰুত্বপূৰ্ণ অংশ অধিকাৰ কৰে আৰু বহু ক্ষেত্ৰত মূল কাহিনীৰ সৈতে বিশেষ সম্পৰ্ক নথকা সত্বেও ভ্ৰমণৰ খুটি-নাটিয়ে উপন্যাসৰ কলেবৰ বৃদ্ধি কৰে। অকল ভ্ৰমণেই নহয়, ফেলুদাৰ কাহিনীৰ মাজেৰে প্ৰকাশিত হয় পুনৰ্জন্ম, ই. এচ. পি, অতিন্দ্ৰীয়বাদ আদিৰ দৰে অলেখ কৌতুহল উদ্দীপক বিষয়। এনে বিষয়ৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰা সত্যজিতে কৈছে—

 I don't disbelieve in things like spiritualism, or seance or planchette or extrasensory perception.... I have been reading a great deal about dreams, about memories, about ESP, and rebirth and memories of previous birth and all that I can't bush it all aside (S. R. in Sight and Sound, summer '70).

 এই অধ্যয়ন অভিজ্ঞতাবোৰ, প্ৰকাশৰ বাবে সত্যজিতে ছবিৰ আশ্ৰয় নলৈ কলমৰ আশ্ৰয় লৈছে, এই কথাবোৰ প্ৰায়েই প্ৰকাশ কৰা হৈছে ফেলুদাৰ মুখেৰে। আচলতে, ফেলুদাৰ ৰূপতে সত্যজিতে নিজকে প্ৰকাশ কৰিছে। (পিচত অৱশ্যে সত্যজিতে ফেলুদাৰ কাহিনীৰে দুখন ছবি নিৰ্মাণ কৰিছিল)।

 ফেলুদাৰ কাহিনীবোৰ ছপা আখৰত প্ৰকাশ কৰোতে তাৰ লগত সংযোজিত ব্যাখ্যাচিত্ৰবোৰত ফেলুদাৰ যি ছবি অংকন কৰা হৈছিল তাৰ লগত সৌমিত্ৰৰ সাদৃশ্য বিচাৰি পোৱা যায়। চলচ্চিত্ৰত ফেলুদাৰ চৰিত্ৰ ৰূপায়িত কৰিবলৈ অনিবাৰ্যভাৱে আহ্বান কৰা হৈছিল সৌমিত্ৰক। ফেলুদাৰ

চেহেৰাৰ লগত নিজৰ চেহেৰাৰ সাদৃশ্য থকাৰ বিষয়ে সত্যজিতে কৈছে—

১৮