এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সত্যজিতৰ ছবিত সত্যজিৎ

 

 .......and that comes from observation, your personal experiences, although the story may be somebody else's.....’

Satyajit Ray to Shyam Benegal.

 শিল্প জীৱনৰ প্ৰতিবিম্ব। কাৰ জীৱনৰ প্ৰতিবিম্ব? শিল্প-স্ৰষ্টাগৰাকীৰ নিজৰ নে আনৰ জীৱনৰ পৰা আহৰণ বা উপাদানৰ প্ৰতিবিম্ব! এগৰাকী স্ৰষ্টাই অকল তেওঁৰ নিজৰ জীৱনৰ ঘটনা-অভিজ্ঞতা-অনুভৱকেই পৰিশোধিত ৰূপত প্ৰকাশ নকৰে, তেওঁ আনৰ অভিজ্ঞতাকো আত্মস্থ কৰি লৈ তাক পুনৰ পৰিবেশন কৰে।

 অইনৰ অভিজ্ঞতা নিজৰ সৃষ্টিৰ মাজেৰে প্ৰকাশ কৰাটো আন এটা প্ৰক্ৰিয়া। প্ৰতিগৰাকী শিল্পীৰেই সাৰ্থক সৃষ্টিসমূহ বিশ্লেষণ কৰি চালে এই কথাটো প্ৰতীয়মান হয় যে শিল্পী গৰাকীৰ ব্যক্তিগত অভিজ্ঞতা, অনুভূতি, কল্পনা, মনোজগতৰ বিভিন্ন স্তৰত থূপ খাই থকা উপাদানবোৰ তেতিয়াই শিল্পৰ মাজেৰে আত্মপ্ৰকাশ কৰে। তেতিয়াই শিল্পৰ সেই অংশবোৰ অন্য এটি মাত্ৰা অধিগ্ৰহণ কৰে।

 গীত-গল্প-উপন্যাস-কবিতা বা চিত্ৰৰ মাজেৰে এই উপাদানবোৰ প্ৰকাশ কৰা যিমান সহজ, বহু কলাৰ উপাদানৰ সমাহাৰৰ শিল্প মাধ্যম চলচ্চিত্ৰৰ মাজেৰে সেই প্ৰকাশ সিমান সহজ নহয়। এই কৰ্ম আৰু অধিক জটিল হয় যেতিয়া চলচ্চিত্ৰৰ বাবে লোৱা কাহিনী আনৰ দ্বাৰা ৰচিত হয়।

 চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিবলৈ অইনৰ ৰচিত কাহিনী এটা বিচাৰি উলিয়াওতে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ ৰুচিবোধ, জীৱন-দৰ্শন আদিয়ে নিঃসন্দেহে প্ৰথম স্থান লাভ কৰে। তাৰ লগতে থাকে কাহিনীটোৰ চলচ্চিত্ৰ ৰূপান্তৰৰ সম্ভাবনীয়তা, আনুষংগিক সুবিধা আৰু সুযোগৰ কথা। কিন্তু তাৰ লগতে চিত্ৰ নিৰ্মাতা গৰাকীয়ে কাহিনীটোৰ মাজত বিচাৰে,