পৃষ্ঠা:Chalachitra.pdf/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘ৰোজা’ৰ সাফল্যই ৰহমানৰ হাতলৈ আনিছিল একেলগে ভালেমান ছবি। হাতলৈ অহা সকলো কাম কিন্তু তেওঁ গ্ৰহণ কৰা নাছিল। কামত কিছু লেহেম গতিৰ ৰহমানে ৰোজাৰ পাছত যিবোৰ ছবি হাতত লৈছিল, সেই আটাইবোৰেই গীতৰ বাবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই ছবিবোৰৰ উল্লেখযোগ্য কেইখনমান হ’ল ‘জেন্টলমেন’, ‘থিৰুডা থিৰুডা’, ‘যুদ্ধ’, ‘উজহাবান’ আৰু ‘ভান্দিকোলাই চিন্নাৰাসু’।

 গানৰ মাজত ক্ষণিক স্তব্ধতা আৰু মুহূৰ্তৰ পাছতে গৰ্জন কৰি উঠা অলেখ বাদ্যযন্ত্ৰৰ সমস্বৰ এ. ৰহমানৰ সংগীত ৰচনাৰ এটা চিনাকি কৌশল। অসংখ্য ইলেকট্ৰনিক বাদ্যযন্ত্ৰৰ প্ৰয়োগৰ প্ৰতিও তেওঁৰ দুৰ্বলতা সহজে চকুত পৰে। উল্লিখিত আটাইকেইখন ছবিৰ গীততেই এই কৌশলবোৰৰ সঘন পুনৰাবৃত্তিয়ে তেওঁৰ গীতক সহজ পৰিচিতি এটা দান কৰিছিল সঁচা, কিন্তু ই এক ধৰণৰ ‘একঘেয়েমি’ৰ ভাবো কঢ়িয়াই আনিছিল।

 এনে সময়তে তেওঁ সুযোগ পাইছিল কে. বলচন্দ্ৰৰ ‘ডুৱেট’ ছবিৰ সংগীত পৰিচালনা কৰাৰ। খৰাং বতৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ‘থান্নিৰ থান্নিৰ’ ছবিৰ পৰিচালক কে. বালচন্দ্ৰই সাধাৰণতে সংগীতনিৰ্ভৰ ছবি নিৰ্মাণ কৰে। শাস্ত্ৰীয় সংগীতে সুখ্য অংশ ৰূপায়িত কৰা বালচন্দ্ৰৰ ছবিবোৰৰ বাবে পূৰ্বতে সংগীত ৰচনা কৰিছিল ইল্লিয়া ৰাজা, কে. ভি. মহাদেবন আদিৰ দৰে বিখ্যাত আৰু শাস্ত্ৰীয় সংগীতত পাৰদৰ্শী সংগীত পৰিচালকসকলে। সেয়ে এ. আৰ, ৰহমানৰ বাবে ‘ডুৱেট’ৰ সংগীত পৰিচালনা আছিল প্ৰত্যাহ্বানস্বৰূপ। লণ্ডনৰ ট্ৰিনিটি কলেজ অৱ মিউজিকৰ পৰা পাশ্চাত্য সংগীতৰ ডিপ্লোমা অৰ্জন কৰা এ. আৰ. ৰহমানে দক্ষিণামূৰ্তি আৰু কৃষ্ণানন্দৰ ওচৰত কৰ্নাটকী শাস্ত্ৰীয় সংগীত শিকিছিল; জাকিৰ হুচেইন, টি. ভি. গোপালকষ্ণণ আদিৰ সংগীত ৰচনা পৰিবেশনত বাদ্যযন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰিছিল; কিন্তু শাস্ত্ৰীয় সংগীতৰ প্ৰাধান্য থকা সংগীত ৰচনাৰ বাবে তেওঁ বিশেষ সুযোগ পোৱা নাছিল। সেয়ে, কে. বালচন্দ্ৰৰ এই আমন্ত্ৰণ তেওঁ একেকোবেই গ্ৰহণ

কৰিছিল আৰু নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছিল। চিত্ৰা, য়েছূদাস,

১২১