পৃষ্ঠা:Chalachitra.pdf/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন তাৰকা এ. আৰ. ৰহমান

 

 ‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি ‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন।

 মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই ‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিলে; ছবিখনৰ নতুন নায়ক অৰবিন্দ স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ. ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত ছিন্থেছাইজাৰ বজাইছিল আৰু বিজ্ঞাপন ছবিৰ বাবে সংগীত ৰচনা কৰিছিল, তেওঁ অৰ্জন কৰিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা।

 অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’, ‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে