(‘মিঃ ইণ্ডিয়া’ৰ ‘কেলেণ্ডাৰ’), বিবতে হাসান বিজবীৰ প্ৰযোজনাত ‘শ্বোলে’ৰ ৰি-মেক ‘জোচিলে’ৰ নিৰ্মাণ কাম আৰম্ভ কৰিও আধাতেই কম বাদ দিবলগীয়া হ’ল। ধৰ্মেন্দ্ৰৰ প্ৰযোজনাত নিৰ্মাণ কৰিব খোজা ‘টাইম মেচিন’ ছবিৰ কামো আগনবঢ়া হ’ল।
এনে সময়তে তেওঁ পুনৰ আত্মপ্ৰকাশ কৰিলে শ্ৰীধৰ ক্ষীৰসাগৰৰ বিখ্যাত টি ভি ছিৰিয়েল ‘খানদান’ত। ডাঙৰ পৰ্দাত অভিনেতাৰ ৰূপত বিফল হোৱা শেখৰ কাপুৰ এইবাৰ সফল হ’ল। খানদানৰ পিচত আহিল ‘স্বয়ংসিদ্ধা’, ‘মহানগৰ’ৰ দুটি খণ্ড আৰু ‘উড়ান’। শেখৰ কাপুৰে অভিনয় কৰা এই প্ৰতিটো চৰিত্ৰই দৰ্শকৰ পৰা সমাদৰ পোৱাৰ মূলতে আছিল চিত্ৰনাট্যকাৰৰ সহযোগীতা, পৰিচালকৰ কৌশলী হাতৰ পৰশ আৰু তেওঁৰ নিজৰ ব্যক্তিত্ব। এই আটাইকেইটি চৰিত্ৰতে তেওঁৰ বেশভূষা একেই, কথা কোৱাৰ ভংগিমা একেই, অভিনয় শৈলী একেই। তথাপিতো দৰ্শকে তেওঁক আদৰি লৈছিল চৰিত্ৰৰ লগত খাপ খাই পৰা তেওঁৰ ব্যক্তিত্বৰ বাবেই। ‘মহানগৰ’ ধাৰাবাহিকৰ এটি খণ্ডত তেওঁ এনে এটি চৰিত্ৰত অভিনয় কৰিছিল যিটো চৰিত্ৰই এজন মানুহৰ পৰা কোম্পানী এটা কিনি লয়। বিক্ৰেতাজনৰ পৰা পূৰ্বতে এই চৰিত্ৰটোৱে অপমানৰ সোৱাদ পাইছিল। সমালোচকসকলৰ মতে শেখৰ কাপুৰে এই ক্ৰেতাজনৰ চৰিত্ৰত কৰা অভিনয়ে আছিল সৰু-বৰ উভয় পৰ্দাতেই তেওঁ কৰা সকলো অভিনয়ৰ ভিতৰতে শ্ৰেষ্ঠ। শেখৰ কাপুৰে নিজেও এই কথাৰ সত্যতা স্বীকাৰ কৰিছিল। তেওঁ কৈছিল: ‘এই চৰিত্ৰটিত অভিনয় কৰোঁতে মোৰ মনৰ মাজৰ সেইজন শেখৰ কাপুৰ জাগ্ৰত হৈ উঠিছিল যিজন বোম্বাইৰ চিত্ৰজগতৰ প্ৰযোজকসকলৰ দ্বাৰা বাৰে বাৰে প্ৰত্যাখ্যাত হৈছিল। মোৰ মনত ইমান দিনে থূপ খাই থকা সকলো জেদ, সকলো বিৰক্তি, সকলো ঘৃণা এই চৰিত্ৰটিৰ অভিনয়ৰ মাজেৰে উজাৰি দিছিলোঁ। ’
দূৰদৰ্শন ধাৰাবাহিকৰ সাফল্যৰ পাছত তেওঁ পুনৰ ডাঙৰ পৰ্দাৰ অভিনয়ৰ আমন্ত্ৰণ পাবলৈ ধৰিলে। অৱশ্যেই মূল সুঁতিৰ ছবিৰ বাবে নহয়, অন্য ধাৰাৰ ছবিৰ বাবেহে। তেনে দুখন ছবি হ’ল গোবিন্দ নিহলানীৰ ‘দৃষ্টি’ আৰু মনি কউলৰ ‘নজৰ’। দুয়োখন ছবিতেই তেওঁৰ
চৰিত্ৰ দুটি আছিল তেওঁৰ নিজৰেই শৰীৰিক আৰু মানসিক অবয়বৰ।