পৃষ্ঠা:Chalachitra.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হলিউডৰ আকাশত ভাৰতীয় তৰা

 

 খ্যাতনাম চিত্ৰনাট্যকাৰ শচীন ভৌমিকে লণ্ডনৰ পৰা নতুন কিতাপ এখন লৈ আহিছিল, নাম ‘মেন, ওমেন এও চাইল্ড’। লেখক ‘লাভষ্টৰি’ লেখি বিখ্যাত হোৱা এৰিক চেগাল। কিতাপখন পঢ়ি তেওঁ খুব ভাল পালে, স্মিতা পাতিলক কাহিনীটো ক’লে, হৃষিকেশ মুখাৰ্জীক ক’লে। ঠিক হ’ল সেই কাহিনীৰ অৱলম্বনত শচীন ভৌমিকৰ চিত্ৰনাট্য, গুলজাৰৰ সংলাপ আৰু গীত, ৰাহুল দেব বৰ্মনৰ সংগীত পৰিচালনাৰে ছবি এখন নিৰ্মাণ কৰা হ’ব, ছবিখন পৰিচালনা কৰিব হৃষিকেশ মুখাৰ্জীয়ে। মুখ্য চৰিত্ৰ তিনিটাত অভিনয় কৰিব স্মিতা পাটিল, ৰাজেশ খান্না আৰু শ্বাবানা আজমীয়ে। পৰিকল্পনা আগবাঢ়িল। এনেতে শ্বাবান আজমী গৈ এদিন হৃষিকেশ মুখাৰ্জীৰ ওচৰ পালে। শ্বাবানাই ক’লে যে তেওঁৰ বন্ধুজনে ছবি এখন পৰিচালনা কৰিব বিচাৰিছে। এই কাহিনীটো তেওঁৰ ভাল লাগিছে, যদি হৃষীকেশ মুখাৰ্জীয়ে কাহিনীটো বন্ধুজনক দিয়ে, তেন্তে তেনেদৰেই হৃষীকেশ মুখাৰ্জীয়ে পৰিচালনা কৰিবলৈ লোৱা ছবিখন এজন নতুন পৰিচালকে আৰম্ভ কৰিলে। ছবিৰ নাম ‘মাচুম’। পৰিচালক গৰাকীৰ নাম শেখৰ কাপুৰ। এই ছবিত পূৰ্বে পৰিকল্পনা কৰা ভূমিকালিপিৰ কিছু সলনি হ’ল, ৰাজেশ খান্নাৰ ঠাইত আহিল নাচিৰুদ্দিন শ্বাহ, স্মিতা পাটিলৰ ঠাইত আহিল সুপ্ৰিয়া পাঠক। স্মিতা-শ্বাবানাৰ অৰিয়াঅৰিৰ কথা সকলোৱে জানে। স্মিতাই গৈ পুনৰ হৃষীকেশ মুখাৰ্জীক জোৰ দিলে — শ্বাবানাক বাদ দি ছবিখন কৰাৰ বাবে। কিন্তু নতুন পৰিচালক এগৰাকীক উৎসাহ দিয়াৰ বাবেই হৃষীকেশ মুখাৰ্জীয়ে স্মিতাৰ প্ৰস্তাৱ সমৰ্থন নকৰিলে।

 ‘মাচুম’ৰ নিৰ্মাণ আৰম্ভ হ’ল। তেতিয়ালৈকে বোম্বাইৰ ছবিজগতত শেখৰ কাপুৰৰ কোনো স্থিতি নাছিল। দিল্লীৰ যুৱক লণ্ডনত থাকি চাৰ্টাড একাউন্টেন্টৰ জীৱিকা নিৰ্বাহ কৰিছিল। কাৰেন্সি নোটৰ চিকমিকনি, বিলাস বহুল বাংলো আৰু ভাৰতীয়-ইংৰাজ অলেখ বান্ধবীৰ