পৃষ্ঠা:Chalachitra.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুযোগ দিয়াৰ বাবে অন্ধকাৰ জগতৰ এই লোকসকল ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে নিজৰ নামত ছবি প্ৰযোজনা নকৰিলেও অইন এজেন্টৰ হতুৱাই ছবি প্ৰযোজনা কৰে। ইয়াৰ সুন্দৰ উদাহৰণ হল ডাউড ইব্ৰাহিমৰ সহযোগী সমীৰ হিংগোৰাই প্ৰযোজনা কৰা ছবি ‘চনম’,— যাৰ নায়ক সঞ্জয় দত্ত।

 লেখক-প্ৰযোজক-পৰিচালক সুভাষ ঘায়ে স্পষ্ট ভাষাৰে অভিযোগ কৰিছে যে এই মানুহবোৰৰ সংযোগ আৰু অৰ্থবলৰ বাবে যিকোনো লোক ৰাতিৰ ভিতৰতে পৰিচালকৰ আসনত বহিছে; অভিনেতা- অভিনেত্ৰীৰ পাৰিশ্ৰমিকৰ নিৰিখ যুক্তিহীনভাৱে উঠোৱা নমোৱা কৰিছে, ব্যৱসায়িক শৃংখলাবোধ নোহোৱা হৈ গৈছে।

 দুই-তিনিখন ছবি হিট হোৱাৰ পাছতে সঞ্জয় দত্তৰ পাৰিশ্ৰমিক পৰিমাণ বৃদ্ধি হৈ চল্লিছ লাখ টকা পাইছিলগৈ, —যিটো বোম্বাইৰ ছবিজগতত অভিনেতাই পোৱা দ্বিতীয় সৰ্বোচ্চ পৰিমাণ। প্ৰথম স্থান অৱশ্যেই অমিতাভ বচ্চনৰ। সঞ্জয়ৰ এই উত্থানৰ নেপথ্যত ডাউড ইব্ৰাহিমৰ হাত থকা বুলি বহুতেই অনুমান কৰে।

 বোম্বাইৰ বোমা বিস্ফোৰণৰ আঁত ধৰি বোম্বাইৰ চিনেমা জগতৰ যিবোৰ সংবাদ পোহৰলৈ আহিছে, তাৰ প্ৰতিক্ৰিয়া যে সুদুৰপ্ৰসাৰী হ’ব তাত কোনো সন্দেহ নাই। টেলিভিছন, কেৱল টিভি, ভিডিঅ’ আদিৰ আক্ৰমণত দুৰ্বল হৈ পৰা বোম্বাইৰ হিন্দী ছবিজগতক সজীব কৰি ৰাখিছিল অন্ধকাৰ জগতৰ পৰা অহা অৰ্থভাণ্ডাৰে। কিন্তু ৰক্ষকৰ ভূমিকাৰে আগবাঢ়ি অহা এই ভয়াবহ অক্টোপাছৰ বাহুৰ মাজৰ পৰা আঁতৰি অহাৰ লগে- লগে ছবিজগত পুনৰ, অৰ্থনৈতিক সংকটৰ মুখামুখি হ’ব। সুভাষ ঘায়ে কোৱাৰ দৰে,— এয়া হ’ব বোম্বাইৰ ছবিজগতৰ মংগলৰ বাবেহে। তেতিয়া ছবিজগত পুনৰ ঘূৰি আহিব ছবিজগতৰ নিষ্ঠাবান মানুহৰ হাতলৈকে।

 
১১২