পৃষ্ঠা:Chalachitra.pdf/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপৰ্যস্ত বলিউড
এক

 

 পুৰুষ-শাসিত সমাজত যি নাৰীতে কম সময়ৰ ভিতৰতে সাফল্যৰ জখলাৰে ওপৰলৈ যাবলৈ বিচাৰে, তেওঁৰ হাতবেগত দুবিধ টেবলেট সদায় মজুত থাকে; —এবিধ টোপনি অহা টেবলেট, আনবিধ হ’ল গৰ্ভ-নিৰোধক টেবলেট। এই মন্তব্য আছিল এগৰাকী বিখ্যাত মহিলা সাংবাদিকৰ। তেওঁ এই মন্তব্য কৰিছিল চিত্ৰাভিনেত্ৰী ৰেখাৰ বিষয়ে লিখা এটি প্ৰবন্ধত।

 এই টেবলেট দুবিধক আক্ষৰিক অৰ্থত নলৈ প্ৰতীকী অৰ্থত গ্ৰহণ কৰিব পাৰি। গৰ্ভ-নিৰোধক টেবলেটৰ কথাটো আঁতৰাই থৈ টোপনি অহা টেবলেটৰ কথাকে প্ৰথমে আলোচনা কৰোঁ। ৰূপালী পৰ্দাত মায়াময় জীৱনৰ সপোন বিক্ৰী কৰা অভিনেতা-অভিনেত্ৰীসকলৰ বেছিভাগেই ব্যক্তিগত জীৱনতো এক সপোন-সপোন লগা ৰাজ্যতেই বসবাস কৰে। অলেখ গুণমুগ্ধ বা ৰূপমুগ্ধ স্তাবকৰ ভিৰ, প্ৰচাৰ মাধ্যমৰ উদাৰ সহযোগ, বিলাস-বহুল বাংলো, দেশী-বিদেশী গাড়ী, বিদেশত প্ৰমোদ ভ্ৰমণ আদিৰ মাজত থকা অভিনেতা-অভিনেত্ৰীসকল কিন্তু ব্যক্তিগত জীৱনত হৈ পৰে অতি নিসংগ। অৰ্থ আৰু খ্যাতিয়ে তেওঁলোকৰ ওচৰলৈ যিমান মানুহক টানি আনে, প্ৰতিষ্ঠাৰ আসনৰ পৰা সামান্য পিছলি পৰিলেই সেই গুণমুগ্ধসকল তেওঁলোকৰ ওচৰৰ পৰা অদৃশ্য হৈ যায়। এই বাস্তৱক সহ্য কৰিব নোৱাৰি, বাস্তৱক পাহৰিবলৈ তেওঁলোকে আশ্ৰয় লয় নিচা উদ্ৰেককাৰী সামগ্ৰীৰ। বিলাসবহুল জীৱনৰ মাজত থাকিও ৰাতি টোপনি যাবলৈ ব্যৱহাৰ কৰিবলগীয়া হয় —নিচা। আৰু কিছুমান আছে, —সাফল্যৰ মাজতো তেওঁলোকে নিসংগ অনুভৱ কৰে; হাজাৰ লোকৰ ভিৰৰ মাজতে মনৰ কথা পাতিবলৈ মানুহ এজনক কাষত নাপাই, নিচাগ্ৰস্থ হৈ নিজকে পাহৰি থাকিবলৈ চেষ্টা কৰে।

 দিব্যা ভাৰতী আছিল পিছৰ বিধৰ। মাত্ৰ দুবছৰৰ ভিতৰতেই দিব্যা