এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অস্তিত্ব অনুভৱ কৰিব পাৰিব। এনেদৰেই আনুষংগিক শব্দ প্ৰয়োগ ছবিৰ দৃশ্য গঠনৰ বাবে প্ৰয়োজনীয় হৈ পৰে। অৰ্থাৎ ছবিৰ বাস্তৱতাৰ বাবেই আনুষংগিক বা পাৰিপাৰ্শ্বিক শব্দ এৰাব নোৱৰা অংগ।

 এই আনুষংগিক শব্দক অকল প্ৰয়োজন পূৰণৰ বাবেই ব্যৱহাৰ নকৰি তাক সৃজনীশীল ৰূপত ব্যৱহাৰ কৰাতহে পৰিচালকৰ সংবেদনশীলতাৰ উমান পোৱা যায়। এই আলোচনাৰ প্ৰথমতে উল্লেখ কৰা দৃশ্যটোৰ শব্দৰ কথা এনেকুৱা প্ৰয়োগৰ ভাল উদাহৰণ। আৰু এখন জনপ্ৰিয় ছবিব এটা দৃশ্যৰ কথা- ‘শক্তি’ ছবিত অমিতাভ বচ্চন আৰু দিলীপ কুমাৰে পুত্ৰ আৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। পিতা-পুত্ৰৰ মাজত মত-বিবোধ, দুয়োৰে হৃদয়ৰ বহু সঞ্চিত ক্ষোভ সাগৰৰ গৰ্জনৰ দৰেই গৰ্জি আছে। ছবিৰ এটি নাটকীয় মুহূৰ্তত দুয়ো একেলগ হ’ল কথা পতাৰ বাবে। মত-বিৰোধৰ বাবেই পিতৃৰ ঘৰ এৰি গুচি যোৱা পুত্ৰই পিতৃৰ মুখৰ পিনে চাব পৰা নাই আৰু অপৰাধবোধত ভোগা পিতৃয়েও পুত্ৰৰ মুখৰ পিনে চাব পৰা নাই। এই দৃশ্যটোৰ বাবে পটভুমি নিৰ্বাচন কৰা হ’ল সাগৰৰ পাৰত এনে এটি অঞ্চল য’ত সাগৰৰ ঢৌবোৰ বিৰাট শব্দ কৰি আহি পাৰত খুন্দা মাৰেহি। দুই চৰিত্ৰৰ কথোপকথনৰ মাজে মাজে সাগৰৰ ঢৌৰ শব্দ কৌশলেৰে ব্যৱহাৰ কৰি দৃশ্যটো সংবেদনশীল কৰি তোলা হৈছে। দুই চৰিত্ৰৰ মনৰ অশান্ত অৱস্থাৰ প্ৰতিফলন ঘটোৱাত এই পৰিবেশ আৰু পৰিবেশৰ শব্দই যথেষ্ট সহায় কৰিলে। এই ধৰণেই পৰিবেশনত শব্দই নিজৰ অবয়ব আৰু শত্তিৰ পৰিবৰ্দ্ধন ঘটায়- তীক্ষ্ণধী পৰিচালকৰ হাতত। (শক্তি ছবিৰ পৰিচালক আছিল ৰমেশ চিপ্পি আৰু সংগীত পৰিচালক আছিল আৰ ডি বৰ্মন)।

 এনেকুৱা আৰু এটি সুন্দৰ উদাহৰণ পোৱা যাব ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সাৰথি’ ছবিত। তথাকথিত চৌখিন মধ্যবিত্ত পৰিয়ালটিৰ মূল মানুহজন সন্ধিয়া কৰ্মক্লান্ত হৈ উভতি আহিছে- দিনটো তেওঁ ব্যস্ত হৈ আছিল ঘৰ বন্ধা কামত, দুপৰীয়া ঘৰৰ পৰা খোৱা বস্তু লৈ যোৱাৰ কথা আছিল, কিন্তু পুত্ৰ-কন্যা-পত্নী কোনো নগ’ল। সন্ধিয়া মানুহজন আহি ঘৰ সোমোৱা সময়ত ঘৰত টি ভি চলি আছে আৰু চিনেমাৰ

আগতে দিয়া বিজ্ঞাপনবোৰৰ শব্দ ভাহি আহিছে। বিজ্ঞাপনৰ এই