এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
 

ফেঁচাটোক পিন্ধাই দিলে। ফেঁচাটোৱে ৰঙতে কেবাপাকো নাচিলে। অৰুণে তাক তাৰ প্ৰশ্ন সুধিলে। ফেঁচাটোৱে অৰুণৰ হাতত এটা সঁচাৰ কাঠি গুজি দি কলে—“এই গছজোপাৰ তলতে এটা শহা পহু আছে। সিয়েই তোমাক বাট দেখুৱাই দিব। তুমি সেই বাটে গৈ এটা আনন্দময় অট্টালিকা পাবা, এইটো তাৰে সচাৰকাঠি।

 ফেঁচাটোৰ কথামতে হাতত সঁচাৰ কাঠিটি লৈ অৰুণ শহাটোৰ ওচৰ চাপিল। শহাটোৱে ক'লে— “তুমি এই বাটেই গৈ থাকাঁ, গৈ থাকাঁ। বাটত কিন্তু বহুত ভয় লগা জন্তুৱে খেদি আহিব। সেই বোৰলৈ কেৰেপ নকৰি গৈ থাকিবা, কেতিয়াও উলটি নাচাবা। গৈ গৈ এটা অতি ধুনীয়া অট্টালিকা পাবা। ডাৱৰৰ মাজৰ পৰা জোনে নৌ মুখ উলিয়াওতেই তুমি কাৰেঙৰ দুৱাৰখন মেলিবা৷ তেতিয়াই তুমি তোমালৈ বাট চাই থকা বহুত লগৰীয়া লগ পাবা। সাৱধান, খৰ কৰা।”

 পিছলৈ নাচাই অৰুণ গৈ আছে। সেই বুঢ়া-বুঢ়ী আৰু সেই ঘৰৰ বুঢ়া কুকুৰটো আৰু বুঢ়ী কুকুৰজনীয়ে তাৰ পিছে পিছে অহা সি গম পাইছে; কিন্তু সি প্ৰাণ টাকি লৰিছে। আৰু ডাৱৰৰ আঁৰৰ পৰা জোন ওলোৱাৰ আগতে সি সেই উজ্জ্বল অট্টালিকাৰ দুৱাৰত সচাৰ কাঠি লগালে। “সুন্দৰ!” সেই ধুনীয়া কাৰেঙৰ পোহৰে যেন তাৰ চকু চাট মাৰি ধৰিলে। সি সমাজিকত দেখা সেই বিতোপন অট্টালিকা! সেই ডেকা ৰজা আৰু সেই গাভৰু ৰাণী, সেই সৰু সৰু লৰা-ছোৱালীৰ জাক, পোৱালী কুকুৰ-মেকুৰী সকলো সি দেখা পালে। সেই চিনাকি চিনাকি যেন লগা সৰু ছোৱালীজনীয়ে হাঁহি হাঁহি অৰুণক সাৱটি ধৰিলে। “তুমি কোন?’’- অৰুণ সুধিলে। “কিয় তুমি আনবোৰক জানো চিনি পাইছা?” “ওঁহো’—অৰুণে লাজত মূৰ খজুৱালে। “বাৰু, তেন্তে কওঁ শুনা। কোনোবা বেয়া অপ্সৰীৰ শাওপাতত আমাৰ ৰাজকাৰেং, আই-বোপাই সকলো বুঢ়া হৈ আছিল। কিন্তু আন এগৰাকী ভাল অপ্সৰীয়ে আশীৰ্ব্বাদ দিছিল, তোমাৰ সাত বছৰীয়া জন্মতিথিৰ দিনা তুমি যদি অদ্ভুত সাহসেৰে সচাৰ কাঠি বিচাৰি আজি কাৰেঙৰ দুৱাৰ মুকলি কৰিব পাৰা, তেনেহলে সেই শাওপাত যাব। এতিয়া তোমাৰ সাহৰ কাৰণেই আমি সেই শাওপাতৰ পৰা ৰক্ষা পৰিলো। এয়া আমাৰ পিতৃ-মাতৃ, বুঢ়া-বুঢ়ী হৈ আছিল। এয়া মই; মোৰ নাম কিৰণ, তোমাৰ ভনীয়েৰ। ময়ে সেই সৰু বালিমাহীটি হৈ তোমাক এই কামলৈ উদ্গাই দিলো। ০০