স কামৰূপমখিলং পীঠমাপ্লাব্য বাৰিণা।
গোপয়ন্ সৰ্ব্বতীৰ্থানি দক্ষিণং যাতি সাগৰম্॥
(৮৫।৩২—৩৪)।
তীৰ্থবোৰ বেলেগে জানিবৰ উপায় নাই। মানুহে কেৱল লৌহিত্য বুলি জানি স্নান কৰিলেই লৌহিত্য স্নানৰ ফল পায়। আৰু কোনোবাই যদি বেলেগ বেলেগ তীৰ্থৰ বিশেষত্ব জানি ব্ৰহ্মপুত্ৰত স্নান কৰে, তেন্তে তেওঁ সেইবোৰ তীৰ্থস্নানৰ ফল লাভ কৰে।
স তু ব্ৰহ্মসুতো ধীৰঃ প্লাৱয়ন্ কুণ্ড সঞ্চয়ান্।
আচ্ছাদ্য সৰ্বতীৰ্থানি ভূবি গুপ্তানি চাকৰোৎ॥
লৌহিত্যমাত্ৰং যে কেচিজ্জানন্তি তত্ৰ বৈ নৰাঃ।
তে লৌহিত্যস্নানফলং প্ৰাপ্নুৱন্তি সুনিশ্চিতম্॥
ন জানন্তি চ কুণ্ডানি নাপি তীৰ্থানি চান্যতঃ।
বশিষ্ঠশাপাদেতত্তু, প্ৰবৃত্তং তীৰ্থগোপনম্॥
সমবাপ্নোতি তৎস্নানফলং সম্যক্ নৰোত্তম॥
সৰ্বা নদী সমাপ্লাব্য সৰ্বতীৰ্থানি সৰ্বতঃ।
লৌহিত্যো ব্ৰহ্মণঃ পুত্ৰো যাতি দক্ষিণ সাগৰম্॥
(৮৪।৩৩)।
কামৰূপৰ বুকেৰে লৌহিত্য বৈ যোৱাৰ ছবি উত্তৰ ভাৰতৰ বুকুৰে গংগা
বৈ যোৱাৰ অনুৰূপ।
‘মহাভাৰত’ত কামৰূপৰ তীৰ্থৰ ভিতৰত লৌহিত্য, কৰতোয়া আৰু উৰ্বশীৰ উল্লেখ আছে। লৌহিত্য তীৰ্থ পৰশুৰামৰ প্ৰভাৱৰপৰা হোৱা বুলি আছে। এই মূলকেই অৱলম্বন কৰি হ’বলা পৰশুৰামৰদ্বাৰা লৌহিত্যৰ অৱতাৰণাৰ উপাখ্যান সৃষ্ট হৈছে।
ৰামস্য চ প্ৰভাবেন তীৰ্থং ৰাজন্ কৃতং পুৰা।
তল্লৌহিতং সামাসাদ্য বিন্দ্যাদ্বহুসুবৰ্ণকম্॥
কৰতোয়াং সমাসাদ্য ত্ৰিৰাত্ৰোপষিতো নৰঃ।
অশ্বমেধমবাপ্নোতি প্ৰজাপতি কৃতো বিধিঃ॥
(বনপৰ্ব্ব-৮৫।২-৩)।