পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত

ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত বেলি পৰা দৃশ্য দেখি মানব মন বিশ্বস্ৰষ্টাৰ অসীম কৰুণাত নত হ'য়! দক্ষিণ ফালে কামাখ্যা ভূৱনেশ্বীৰ মন্দিৰৰ আৰু গুৱাহাটী চহৰৰ দৃশ্য বিশেষকৈ সন্ধিয়া অতি মনোৰম আৰু মনোমোহা। অশ্বক্ৰান্তৰ ওপৰ দেৱালয়লৈ যোৱা খট্‌খ‌টিৰপৰা তলফালে ব্ৰহ্মপুত্ৰৰ বুকুলৈ চালে বিশেষকৈ জোনাক নিশা— এটি মনোমোহা চিত্ৰপটে চকুৰ পতা মেল খুৱাই দিয়ে।

 অশ্বক্ৰান্ত এখন স্বাস্থ্যকৰ ঠাই। বৰ্তমান অসমৰ ভিতৰতে ইয়াক প্ৰধান স্বাস্থ্যকৰ ঠাই বুলি ক'ব পৰা যায়। ইয়াৰ ভৌগোলিক পৰিৱেশে, স্বাস্থ্যনিবাসৰ উপযুক্ত ঠাই হিচাপে প্ৰতিপন্ন কৰিছে। বহুত মেলেৰিয়া আৰু কলাজ্বৰৰ ৰোগী ইয়াত থাকি আৰোগ্য হোৱা বুলি জনা যায়।

 অশ্বক্ৰান্ত দেৱালয়ৰ উত্তৰে থকা আউনীআটি সত্ৰখনো অতি সুন্দৰ। ইয়াৰ পূবমুৰে মাজতে মণিকূটটো। তাৰ গাতে লগা কীৰ্তনঘৰটো চালে চকু ৰোৱা ধৰণৰ। কীৰ্তনঘৰৰ পশ্চিমে এটি বাটচ'ৰা। বাটচ'ৰাৰ ওপৰখন এটি জাপিৰ নিচিনাকৈ সজা। দেখিবলৈ বৰ ধুনীয়া। কীৰ্তনঘৰৰ উত্তৰফালে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গোসাঁই প্ৰভুৰ বাসগৃহ আৰু দক্ষিণে ভকতসকলৰ বাসগৃহ। সত্ৰৰ পশ্চিমে প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰত এখন ময়ূৰ অংকিত তোৰণ দিয়া আছে। তোৰণখনো চাবলগীয়া। প্ৰৱেশদ্বাৰৰ সন্মুখত (পশ্চিম ফালে) দুজোপা দেৱদাৰু গছ আছে। এই গছদুজোপায়ো সত্ৰৰ সৌন্দৰ্য বহুখিনি বৃদ্ধি কৰিছে। সত্ৰৰ সন্মুখফালে (পশ্চিম আৰু উত্তৰফালে) পকী বেৰ দিয়া আছে। বেৰৰ প্ৰতিফলিতে একোশাৰী সজ উপদেশমূলক নীতিবচন লিখি থোৱা হৈছে। সত্ৰৰ সজ কামৰ নিদৰ্শনে সঁচাকৈয়ে নিৰ্মাণপটু সত্ৰাধিকাৰলৈ ভক্তি আৰু শ্ৰদ্ধা যাচে। কাতি মাহত ইয়াত বাৰ্ষিক পাল-নাম মহা পয়োভৰেৰে পতা হয়।

 সত্ৰৰ ‘আউনী আটী লীলকান্ত’ নামৰ এখন নিজা সংস্কৃত টোল আছে। ইয়াত সংস্কৃত ভাষা-সাহিত্য আদিৰ শিক্ষা হয়। এই টোলখন চৰকাৰৰ দ্বাৰা পাৰিচালিত হয়।

 অশ্বক্ৰান্ত দেৱালয় অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি। দেৱালয়ৰ ভিতৰ অঞ্চলত অকল বৰদেউৰী, পূজাৰী ব্ৰাহ্মণসকলৰহে বসতি। দেৱালয়ৰ ভিতৰত প্ৰচলিত নিয়ম অনুসাৰে বংশৰ অনিষ্ট সাধনৰ ভয়ত কোনেও গাৰ্হস্থ্য জীৱন যাপন নকৰে। মাজগাঁও, দিহিংসত্ৰ আদিত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি।

 এই অঞ্চলৰ পিৰবোৰ লোকৰে জীৱিকা বেহা-বেপাৰ। কিছুমানে চাকৰিও