পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক অধ্যাপক দুৰ্গেশ্বৰ শৰ্মাদেৱে কিতাপখন চাই-চিতি নানা দিহা পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও ‘আগকথা’খিনি লিখি দিছে। আমি তেখেতৰ ওচৰতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পণ্ডিত প্ৰবৰ শ্ৰীতীৰ্থনাথ শৰ্মাদেৱ আৰু সুসাহিত্যিকা শ্ৰীশুচিব্ৰতা ৰায়চৌধুৰী মহোদয়াই ইয়াক চাই-চিতি একোটিকৈ অতি মূল্যবান অভিমত লিখি দি কিতাপখন গধুৰ কৰি তুলিছে। তেখেতসকলৰ ওচৰত আমি চিৰ কৃতজ্ঞ।

  শেষত পূৰ্বদেশ মুদ্ৰণৰ স্বত্বাধিকাৰী আৰু কৰ্মীবৃন্দই অতি কম সময়তে কিতাপখন ছপা কৰি দিয়াৰ বাবে, আৰু গুৱাহাটী উজানবজাৰৰ শ্ৰীহৰিনাথ শৰ্মাদেৱে ভুল-ক্ৰুটি শুধৰাই আৰ্হি কাকত চাই দিয়া বাবে তেখেতসকললৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ।

  পৰিশেষত, পুথিখন যুগুত কৰোঁতে অনেক ক্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক। বিজ্ঞজনে ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দি সহায় কৰিলে পৰম উপকৃত হ’ম। ইতি—

উত্তৰ গুৱাহাটী
১১/১১/৮২

শ্ৰীহেমচন্দ্ৰ শৰ্মা
শ্ৰীশশীমোহন ভট্টাচাৰ্য্য