পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভট্টাচাৰ্য্যই ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নাম দি এখন বিস্তৃত ইতিহাস ৰচনা কৰি ৰাইজৰ শলাগৰ ভাজন হৈছে। অনন্তনাৰায়ণ এই সকলৰ প্ৰতি সুপ্ৰসন্ন হওক। ইতি—

গুৱাহাটী,
ভৰলুমুখ

গোবিন্দচৰণাশ্ৰিত
শ্ৰীতীৰ্থনাথ শৰ্মা
২১। ১। ৮১

 


॥ ২॥

  কামৰূপৰ প্ৰাক্‌জ্যোতিষপুৰ, বৰ্তমান গুৱাহাটী পঞ্চতীৰ্থৰ ঠাই বুলি প্ৰাচীন লোকৰ মাজত জনাজাত। ইয়াৰ ভিতৰত উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয় পশ্চিম ভাৰতৰ গয়া তীৰ্থৰ সমপৰ্যায়ৰ বুলি কোৱা শুনা যায়। অনন্তশায়ী বিষ্ণু; কূৰ্ম অৱতাৰ আৰু বিষ্ণুপদ শিলৰ অৱস্থানে এই তীৰ্থৰ স্থানিক মাহাত্ম্য বহুগুণে বৃদ্ধি কৰিছে। দুখৰ বিষয় আমি আমাৰ জাতিয় অক্ষমতাৰ দোষত এই তীৰ্থক ভাৰতৰ উত্তৰাঞ্চল আৰু দক্ষিণাত্যৰ আন আন তীৰ্থসমূহৰ দৰে লোকাকৰ্ষক আৰু বিখ্যাত কৰি তুলিব পৰা নাই। বহুদিন আগতে থানেশ্বৰ শৰ্মা ভিযগ্‌ ৰত্নই এই পবিত্ৰ তীৰ্থ সম্পৰ্কে ‘অশ্বক্ৰান্ত মাহাত্ম্য’ নামৰ পুথি এখন ছপায়। সেইখন পুথি এতিয়া দুষ্পাপ্য।

  এতিয়া সেই দেৱালয়ৰ এগৰাকী বৰদেউৰী শ্ৰীশশীমোহন ভট্টাচাৰ্য্য আৰু বজালী মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মাৰ যুটীয়া চেষ্টাত যুগুতোৱা ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নামৰ পুথিখনে তীৰ্থখনৰ পৰিবেশৰ বুৰঞ্জী আৰু ইয়াৰ মাহাত্ম্য সম্পৰ্কে তথ্যপাতি ৰাইজক অৱগত কৰোৱাত সহায় কৰিব বুলি মই আশা কৰিলোঁ। ইতি—

গুৱাহাটী
২২
শুচিব্ৰতা ৰায়চৌধুৰী