পৃষ্ঠা:Assam Buranji.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫০

ইকে উজনি ও ভাটি কামৰুপত মাটি, মানুহ এনে ব্ৰিতি ব্ৰহ্মোতৰ কৰি দি, গোসাঁইৰ মনস্থ ৰুপে গুআহাটিৰ নিলাচলতে সততে থাকিবলৈ ঘৰ কৰাই দিলে; এই হেতুকে পৰ্বতিয়া গোসাঁই নামো হল। আৰু গোসাঁইৰ দ্বাৰা সাস্ত্ৰানুসাৰে গুআহাটিৰ সকলো দেৱতাৰ পুজাৰ বেৱস্থা বিধি উলিয়াই, দেৱালই সকল নিবন্ধ কৰিলে; এবং অস্বক্ৰান্তত দল কৰালে, দিৰ্ঘস্বৰিতো দল কৰালে। এঁও ৰজা দেওৰ দিনতে ৰাইলুঙ্গিয়া বায়ন ১, ডোমাই ১, পুখুৰি পৰিয়া চেঙ্গমুন ১, এই তিনি ক্ৰমে বুৰা গোহাঁই হল। কেন্দুগুৰিয়া চেঙ্গকঙ্গৰ পুতেক পৰমানন্দ ১, বৰ গোহাঁই ডাঙ্গৰিয়া বিসয়ৰ পৰা আহি ৰাজমন্ত্ৰি বাবে সহিতে বৰ ৰজাৰ ভায়েক কালুগঁয়া হৰিনাথ ১, এই দুই ক্ৰমে বৰ পাত্ৰ হল। আৰু প্ৰথমে ঐ কমলাকান্ত বৰ গোহাঁয়েই ৰাজমন্ত্ৰি হল; এঁও মৰিলত ৰাজমন্ত্ৰি বাবে সহিতে ঐ হৰিনাথ বৰ গোহাঁই হল। পাচে এঁও ৰাজমন্ত্ৰি বাবে সহিতে ঐ বৰ পাত্ৰ হলগৈ কাবনে, বৰ গোহাঁই পৰিয়া দিহিঙ্গিয়া ফৈদৰ ঠানুনাথ বৰ গোহাঁই হল; ও বুৰা দদাই ১, বকতিয়াল ৰুপচন্দ্ৰ ১, এই দুই ক্ৰমে বৰ বৰুআ হল। তরুন দুঅৰা বিজই ১, দিহিঙ্গিয়াৰ ডেবেৰা ১, বিজয়ৰ পুতেক ডেকা দুঅৰা ১, ক্ৰমে এই তিনি বৰ ফুকন হল। আৰু এই জনা সৰ্গদেৱৰে ধাই প্ৰধান হৈ আলি বন্ধালে; সেই আলিকে ধাইৰ আলি বোলে। আৰু সৰ্গদেৱে কামৰুপ পিয়ল কৰালে,