পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাহৰি-গঁড়াল
গুৰুলা
৮০

গাহৰি-গঁড়াল—বিং, গাহৰিৰ গঁড়াল অতি লেতেৰা। এতেকে,—জঘন্য বাসস্থান, a nasty dwelling-place.

গুড় চেলেকোৱা—ক্ৰি, কেঁচুৱা লৰাক যেয়ে গুড় চেলেকায়, সি তাৰে লগতে যায়। এতেকে,—ফুচুলোৱা, to entice, allure, tempt.

গুণ টনা—ক্ৰি, বৰ নাও কোনো নৈত উজাই নিওঁতে গুণ টানি নিয়ে। এতেকে,—প্ৰাণ-কাতৰে বল দিয়া, to exert to the utmost.

গুণ নাপালে ধৰম পোৱা—ক্ৰি, ইহ-কালত যশস্যা নাপালেও পৰ-কালত নিশ্চয় ধৰ্ম্ম-ফল পোৱা, to be blessed if not praised.

গুণৱতী ৰাধা—বিং, ৰাধা এনে গুণৱতী আছিল যে স্বয়ং শ্ৰীকৃষ্ণও তেওঁৰ প্ৰেম ত আবদ্ধ হৈছিল। এতেকে,—গুণৱতী তিৰোতা, an accomplished woman.

গুৰি কঠাল পৰা দিয়া—ক্ৰি, কঠাল-গছৰ গুৰিৰ ফালে ডাঙ্গৰ কঠাল লাগে। তেনেকুৱা ডাঙ্গৰ কঠাল পৰিলে বৰকৈ শব্দ হয়। এতেকে,—ডাঙ্গৰ শব্দেৰে পৰা, to fall with a loud noise.

গুৰি-শকত—বিণ, গুৰি তলত থাকি গছ ডাল ধৰি থাকে। যদি গুৰি শকত হয়, তেনেহলে গছ বতাহত উঘালি নপৰে। মানুহৰো সেইৰূপে তলত ধৰিবলৈ যদি বৰলোক থাকে, তেনেহলে তাক সহজে কোনোৱে অপকাৰ কৰিব নোৱাৰে। এতেকে,—বৰলোকৰপৰা সাহায্য পোৱা, having a powerful backing.

গুৰি-পৰুৱাৰ অলপ পানীয়েই বাণ হোৱা—ক্ৰি , বাণ-পানী আহিলে মানুহ গৰু আদি উটুৱাই নিয়ে। গুৰি-পৰুৱা অতি ক্ষুদ্ৰ। অলপ পানীতে সি ঠাৱৰিব নোৱাৰি উটি যায়। এই স্থলত কোৱা হৈছে যে সেয়ে তাৰ পক্ষে বাণৰ তুল্য হয়। এতেকে,—ইতৰ মানুহৰ পক্ষে সামান্য অসুবিধাই দুৰ্ঘোৰ বিপদৰ তুল্য হোৱা, the regarding of a slight inconvenience as great danger by a person who is weak and helpless.

গুৰিত গোবৰ দিয়া—ক্ৰি, গছৰ গুৰিত গোবৰ দিলে গছ বাঢ়ে। এতেকে, কোনো কাৰ্য্য সফল কৰিবৰ নিমিত্তে যথোচিত উপায় কৰা, to promote the growth of anything.

গুৰুলা গুৰুল কীল—বিং, [ গেৰেলা গেৰেল কীল ] শকত ডাঙ্গৰ কীল, heavy