পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সোলাৰ
৩১৫

যায়। এতেকে,—টান কাৰ্য্য বুদ্ধিৰ দ্বাৰা সিদ্ধি কৰা, to perform a difficult job by means of tact.

সাত চেউৰীৰ লৰ— বিং, চেউৰী গাইয়ে বৰকৈ লৰিব পাৰে। এই স্থলত সাত জনী চেউৰীৰ লৰ মুঠালৈ যিমান হয় সিমান লৰ বুজোৱা হৈছে। এতেকে,—আঁতিপাত লৰ, very fast running.

সাতে-সোতেৰে— ক্ৰি-বিণ, [ সাতে সোতাৰে ] (পাশা খেলৰ মাত) পাশতিত সোতাৰ বেগতে নপৰে। বিপক্ষৰ গুটিয়ে সোতাৰই দেখাকৈ নিজৰ গুটি থব পৰাটো প্ৰশস্ত। কিন্তু কেতিয়াবা গুটি থানিত কোনো মতে পেলাব নোৱাৰি। সময়ত এনে হয়, যে বিপক্ষৰ গুটিয়ে সাতে ছুব পৰাকৈ নিজৰ গুটি থব লগীয়া হয়। তেতিয়া একো উপায় নাপাই খেলুৱাইয়ে ‘সাতে সোতেৰে সমান’ বুলি গুটি তাতে থৈ দিয়ে। এতেকে,—উপায়ান্তৰৰহিত হৈ, finding no other alternative left.

সীতা নোহোৱা যজ্ঞ পতা— ক্ৰি, সীতা দেবকী বনবাসলৈ পঠোৱাৰ পাচত শ্ৰীৰাম- চন্দ্ৰে অশ্বমেধ যজ্ঞ পাতিছিল। পুৰোহিতে সীতা দেবী নহলে যজ্ঞ অসম্পূৰ্ণ হব বুলি কোৱাত ৰামচন্দ্ৰে স্বৰ্ণ-সীতা নিৰ্মাণ কৰাই যজ্ঞ পূৰ্ণ কৰিলে। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান নায়ক বা উপকৰণ বাদ দি সেই কাৰ্য্য কৰা, to do a business leaving out the chief person or thing necessary for the performance of it in the right way.

সোলাৰ মুখত মাখি পৰা — ক্ৰি, দাঁত-লগা মানুহৰ মুখত মাখি পৰিলে সি মুখৰ ভিতৰলৈ সোমাব নোৱাৰে। কিন্তু সোলা মানুহৰ মুখত মাখি পৰা মাত্ৰকে সি মুখৰ ভিতৰ পায় গৈ। মাখিত নামমাত্ৰ মঙ্গহ থাকে। এই স্থলত বুজোৱা হৈছে, যে সোলাই সিমান ফেৰা মঙ্গহ খাবলৈ পোৱাটোও লাভজনক ঘটনা। এতেকে,—অসমৰ্থ মানুহে যৎকিঞ্চিৎ লাভকো লাভ-স্বৰূপে গণ্য কৰা (বিদ্ৰূপ), the regarding of & trivial receipt as large profit by a person who is incapable of earning anything substantial.

⸻⸻