পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰঙ্গা
লোৱাৰ
৩১২

ৰ।

ৰঙ্গা বগা দেখুওৱা— ক্ৰি, বৰকৈ মুৰত আঘাত পালে মূৰ ঘূৰি যায়। তেতিয়া কিবাকিবি আঁক-বাঁক চিত্ৰ আকাশত উড়ি ফুৰা যেন দেখা যায়। সেই চিত্ৰৰ কেতবিলাক ৰঙ্গা আৰু কেতবিলাক বগা। এতেকে,— বৰকৈ প্ৰহাৰ কৰা, to give a sound beating.

ৰাতিপুৱাই দিনটোলৈ— ক্ৰি-বিণ, এনে বিশ্বাস আছে যে কোনো লোকৰ ৰাতিপুৱা যদি শুভ হয়, তেনেহলে গোটেই দিনটো শুভ হব; আৰু ৰাতিপুৱা যদি অশুভ হয়, তেনেহলে গোটেই দিনটো অশুভ হব। এতেকে,— গোটেই দিনটোলৈ মঙ্গলসূচক বা অমঙ্গলসূচক ৰাতিপুৱা কালতে, early in the morning which forebodes good or evil for the whole day.

⸺⸺


ল।

লুইত ফুৰিলে গাটি চিকুণ হোৱা— ক্ৰি, লুইতৰ পানী পৰিষ্কাৰ। সেই দেখি লুইতৰ মাছৰ গাটি চিকুণ। ঘোলা পানীত ফুৰা মাছৰ গা লেতেৰা হয়। বৰলোকক লুইতেৰে তুলনা কৰা হৈছে। এতেকে,— লোকৰ আশ্ৰয়ত থাকি সুখ-স্বচ্ছন্দতা লাভ কৰা, to obtain case and comfort by living in the shelter of a great man.

লেদেনা ওকটা— ক্ৰি, [ লেদ পানী ওকটা ] লেদ বা লাদ আৰু পানী অৰ্থাৎ মুত উকটি পেলায় বোলা হৈছে। এতেকে,—কোনো মানুহৰ জঘন্য পৰিচৰ্য্যা কৰা, to serve a person vilely.

লোৱৰ গুৰি-কৰাই গালে গালে চোবোৱা—ক্ৰি, চাউল ভাজি গুৰি-কৰাই প্ৰস্তুত কৰা হয়। তেনেকুৱা গুৰি-কৰাই হে গালে গালে চোবাই খাব পৰা৪০