পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাপুৰ
বেটিৰ
৩০৭

নাযায়। সেই দেখি তাইক বাঘৰ মাহীয়েক অৰ্থাৎ বাঘৰ মাকৰ ভনীয়কে অৰ্থাৎ বাঘৰ মাকতকৈও সৰু বোলা হৈছে। মেকুৰী প্ৰায় বাঘৰ নিচিনা, বাঘতকৈ কিছু কম, এই ভাব বুজোৱা হৈছে। এতেকে,--মেকুৰী, a cat.

বাপুৰ চুণ খাই মৰা—ক্ৰি, (উপকথা) বামুণে দৈ গাখীৰ আনি, লিতিকাইয়ে চুৰ কৰি খায় বুলি তাক ভাঁৰিবৰ মনেৰে, চূণ থৈছোঁ বুলি কলে। লিতিকাইয়ে প্ৰকৃত কথাৰ গম পাই চল চাই থাকি বামুণে কোনো এটা জগৰত তাক কীলোৱাত সি, “এনেও নাই তেনেও নাই বাপুৰ চূণ খাইয়ে মৰোঁ। ” বুলি কৈ ঘোকা-ঘোকে দৈ-গাখীৰখিনি খাই পেলালে। এতেকে,--কোনো ভাল কাৰ্য্যকে লোকৰ, আগত বেয়া বুলি ফাঁকটি দি বুজাই স্বাৰ্থসিদ্ধি কৰা, to manipulate anything to one's advantage under a pretence of doing it out and out against self-interest.

বিল ফাটি সোমোৱা—ক্ৰি, [ মাটি ফাটি বিলত সোমোৱা] ‘বিল’ সংস্কৃত পদ, তাৰ অৰ্থ ‘গাঁত’। সীতা-দেবীৰ পাতাল প্ৰবেশৰ ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। গাঁতৰ ভিতৰত সোমালে কোনেও দেখা নাপায়। এতেকে,—কোনেও গম ধৰিব নোৱৰাকৈ অকস্মাৎ অন্তৰ্হিত হোৱা to disappear mysteriously.

বেটীৰ গভুৰা লৰা—বিং, গভুৰা লৰা জন্ম হোৱা এটা ডাঙ্গৰ আনন্দজনক ঘটনা। বেটী নিকৃষ্ট আৰু ঘৃণিত মানুহৰ শ্ৰেণীত গণ্য আছিল। এই স্থলত বেটীৰ গভুৰা-লৰা হোৱাটো একো ডাঙ্গৰ ঘটনা নহয়, এই ভাব বুজোৱা হৈছে। সেই লৰাৰ আমনিত ভালকৈ কাম-বন কৰিব নোৱাৰি বেটীয়ে গিৰিহঁতৰ মাৰ-কীল খোৱাৰ হে বাট মুকলি কৰে, এই ভাবো এই বাক্যত লুকাই আছে। আগৰ দিনত বন্দী-বেটী পুৰুষানুক্ৰমিক আছিল। বেটীৰ লৰাই ভবিষ্যতে বয়সস্থ হলেও মাকক উদ্ধাৰ কৰিব নোৱাৰে, এনে এটি ভাবো এই বাক্যত পোৱা যায়। এতেকে,—স্বভাৱতে দুৰ্ভগীয়া মানুহৰ পক্ষে নিস্ফল সৌভাগ্যলাভ, good fortune to a person who must perforce remain unfortunate throughout life under the domineering degree of fate.