পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নগাটো
নিকিনা
৩০৪

নগাটো চাই হোৰাটো লোৱা—ক্ৰি, নগাটো সৰু হলে হোৰাটো সৰু লয়, ডাঙ্গৰ হলে হোৰাটো ডাঙ্গৰ লয়। এতেকে,—শক্তি-আনুযায়ী কাৰ্য্য কৰা, to act according to one's capacity.

নগা-শোৱন দিয়া—ক্ৰি, অসমীয়া মানুহে এজনৰ মুৰৰ ফালে আন জনে ভৰি দি, নোশোৱে। কিন্তু নগাবিলাকে যেনিয়ে মন যায় তেনিয়ে ভৰি দি শোৱা। এতেকে,—ওলোট-পোলোটাকৈ শোৱা, to sleep pell- mell.

নৰক পৰচেষ্টা দেখুওৱা—ক্ৰি, ( পৰ=ভূত, চেষ্ট = কাৰ্য্য , পৰচেষ্টা =মায়া। ) ভূতে মানুহক মায়া-জড়িত ঘটনা দেখুৱায়। এতেকে—মায়ামুৰ্ত্তি ধাৰণ কৰা, ইতৰ লোকৰ বোধৰ অগম্য হোৱা, অসাধাৰনস্বৰূপ হোৱা, to appear mysterious, esoteric, incomprehensible, unin- telligible.

নাচি অহা—ক্ৰি, [ নাচি উঠি অহা ] নাচনীয়ে নাচ কৰোঁতে প্ৰথমে অলপীয়া নাচ ধৰি ক্ৰমশঃ উঠি আছে অৰ্থাৎ নাচৰ প্ৰকোপ বাঢ়ি আহে। এতেকে,--ক্ৰমশঃ উগ্ৰভাব ধাৰণ কৰা, to grow more and more violent.

নাচিব নেজানিলে চোতালখন হেৰেম-গৰীয়া বোলা—ক্ৰি, ভালৰূপে নাচিবলৈ হলে চোতাল সমতল হব লাগে। নহলে চাৰিও পোনে অবাধে ভৰি চলাবলৈ চল নালাগে। হেৰেম-গৰীয়া চোতালত ভালৰূপে নাচিব পৰা নাযায়। এই স্থলত কোৱা হৈছে, যে কোনো নাচনীয়ে প্ৰকৃততে নাচিব নাজানে, কিন্তু তেওঁ অজ্ঞতা লুকাই থৈ মানুহৰ আগত কয় যে চোতালখন হেৰেমে-গৰীয়া বাবে তেওঁ ভালৰূপে নাচিব পৰা নাই। এতেকে,—অজ্ঞতাবশতঃ কোনো কাৰ্য্য কৰিব নাজানিলে নিজৰ অজ্ঞতা গোপন কৰি কোনো বাহিৰা আসোঁৱাহৰ নিমিত্তে সেই কাৰ্য্য কৰিবলৈ অপাৰগ বুলি বুজোৱা, to explain a bad perform- ance by saying that it is due to some external defect in the thing done and not to the real cause vis want of the requisite qualification to do it.

নিকিনা গোলাম—বিং, আগৰ দিনত ধন দি গোলাম কিনি লোৱা হৈছিল। এই স্থলত কোনো মানুহৰ সম্পৰ্কে কোৱা হৈছে যে সি গোলাম হৈছে,