পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাতৰ
হাতে
২৮৬

হাতৰ মলি—বিং, বন-বাৰী কৰিলে হাতত মলি লাগে। বন বাৰী কৰি যি বস্তু পোৱা যায়, সেই বস্তু তুচ্ছ বস্তু এনে ভাব বুজোৱা হৈছে। এতেকে,— পৰিশ্ৰমৰ দ্বাৰা উপাৰ্জ্জন কৰিবপৰা অপদাৰ্থ বস্তু, a thing of very little value or importance.

হাতৰ শাৰে ভৰিৰ শাৰে যোৱা—ক্ৰি, কোনো মানুহে ইমান চোৰাংকৈ যায় বোলা হৈছে, যে যাওঁতে হাতৰ শব্দ হৈছে নে নাই হোৱা আৰু ভৰিৰ শব্দ হৈছে নে নাই হোৱা সেই বিষয়ে কাণ শাৰে ৰাখি যায় অৰ্থাৎ যাতে তেনে শব্দ নহয় তাৰ নিমিত্তে যত্ন কৰি খোজ কাঢ়ে। এতেকে,— অতি নিস্তব্ধভাৱে যোৱ, to walk stealthily.

হাতলৈ চোৱা-- ক্ৰি, কিবা বস্তুহা তত আনিছে নে নাই অনা বুলি হাতলৈ চোৱা যায়। এতেকে কোনো বস্তু পাবৰ নিমিত্তে আশা কৰা, to expect a gift.

হাতে কাণে অঁৰা—ক্ৰি, ধন-সম্পত্তি থকা তিৰোতাই হাতে কাণে অলঙ্কাৰ পিন্ধি সজ্জিতা হয়। এতেকে,—সম্পত্তিশালিনী হোৱা, to be posses- sed of great wealth, (said of a woman).

হাতে কাপে ধৰা পৰা—ক্ৰি, কোনো দূষণীয় কথা হাতেৰে কাপৰ দ্বাৰা লিখা অবস্থাতে ধৰা পৰা বোলা হৈছে। এতেকে,—অপৰাধ কৰি থকা অৱস্থাতে ধৰ পৰা, to be caught red handed.

হাতে হতে পোৱা--ক্ৰি, ( হাতে দি হাতে পোৱা ] দিওঁতাই হাতেৰে দিয়ে আৰু লওঁতাই হাতত পায়, এই ভাব বুজোৱা হৈছে। এতেকে,—তদ্দণ্ডে পোৱা, to get then and there.

হাতে কাষে আজোৰা—ক্ৰি, কোনো তিৰোতাই বাওঁ ফালে বাওঁ হাতেৰে ধৰি কাষত লৰা দাঙ্গি লৈ ফুৰায় আৰু সোওঁ ফালে সোওঁ হাতেৰে আন লৰাক মাটিয়ে টানি লৈ ফুৰায়। দুইটা লৰাকে একেলগে দাঙ্গি লৈ ফুৰাৰ নোৱাৰে বাবে এনে কৰা হয়। এতেকে,—পৰৰ সাহায্য নোহোৱাকৈ জোটা-পোটাকৈ নিজে বহু শ্ৰমেৰে কাৰ্য কৰা, (তিৰোতাত খাটে ), to manage household affairs with utmost effort single-handed (said of a woman).

হাতে নামাৰি ভাতে মৰা--ক্ৰি, ভাত খাবলৈ নিদিলে মানুহ মৰে। হাতেৰে মাৰিলেও মানুহ মৰে। এই স্থলত হাতেৰে নামাৰি ভাতেৰে অৰ্থাৎ