পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাদৰক
সাপে
২৭৩


ৰীতি, চিৰকলীয়া ৰীতি, a time-honoured custom.

সাদৰক নেওচা—ক্ৰি, ‘সাদৰ’ আৰু 'আদৰ’ তুল্যাৰ্থ শব্দ। 'নেওচা’ শব্দে ‘নিচ- স্থান কৰা’ (অৰ্থাৎ তললৈ নিয়া বা তুচ্ছ জ্ঞান কৰা) বুজায়। এতেকে,—যাৰপৰা মৰম পোৱা যায় তেমে মানুহক তুচ্ছ জ্ঞান, to treat the benefactor with intentional neglect or superciliousness.

সাধি অহা—ক্ৰি, পূৰ্ব-জন্মৰ সাধনাৰ দ্বাৰ সৌভাগ্যৰ অধিকাৰী হৈ জন্ম গ্ৰহণ কৰা, to be possessed of good luck as a reward of virtue in the previous existence.

সান্দহ-খোৱা বালি তল যোৱা—ক্ৰি, নৈৰ বালিত ভোজ-খোৱাৰ প্ৰথাৰপৰা এই বাক্য ওলাইছে। যি বালিত সান্দহ খোৱা হয়, বাৰিষ কালত সি পানীৰে তল যায়। এতেকে—সুখৰ ঠাই নাইকিয়া হোৱা অৰ্থাৎ সুখ-ভোগ অন্ত হোৱা, the coming to an end of the days of pleasure.

সাপ মাৰি নেগুৰত বিষ থোৱা—ক্ৰি, সাপৰ নেগুৰতো বিষ থাকে, আৰু মানুহক সি নেগুৰেৰে ছাটি মাৰিলেও বিষ লাগি মানুহ মৰে বুলি কয়। সাপক কোবাই মাৰিলেও নেগুৰ ডাল বহু পৰলৈকে লৰফৰাই থাকে। সি মৰিলেও নেগুৰ ডাল জীয়াই থাকিলে বিপদৰ আশংকা থাকিব পাৰে, এনে ভাব বুজোৱা হৈছে। এতেকে,—শত্ৰুক বশীভূত কৰা কিন্তু নিৰ্ম্মূল নকৰা, not to vanquish a foe after having brought him under control.

সাপে কঁকালৰ কোব নাপাহৰা—ক্ৰি, সাপৰ ক্ৰূৰ স্বভাৱ। যদি কোনো মানুহে তাৰ কঁকালত কোব মাৰে, আৰু সি যদি সিমানতে পলাই সাৰিব পাৰে, তেনেহলে অপৰাধীৰ প্ৰতিশোধ লবৰ নিমিতে সি সদাই চেলু চাই ফুৰে, এনে প্ৰবাদ প্ৰচলিত আছে। এতেকে,—ক্ৰূৰ মানুহে অপৰাধীক প্ৰতিশোধ দিবৰ নিমিত্তে সদাই চেষ্টিত থকা, the harbouring of feelings of revenge by a crooked person towards his malefactor.

সাপে তিনিবাৰ হাঁচিওৱা—ক্ৰি, মানুহক খুঁটিবৰ আগতে সাপে তিনিবাৰ হাঁচিয়ায়, এনে প্ৰবাদ আছে। যদি তেতিয়াও মানুহটো আঁতৰি নাযায়, ৩৫