পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লহোৱা
লাওৱে
২৫২


মিত্ৰ মানুহৰ ভিতৰত খৰাখৰিকৈ বহু আলাপ হয়। এতেকে,— অতি মিত্ৰতা বুজাই আলাপ কৰা। (বিদ্ৰুপ), to talk like a very intimate friend ( used in a depreciative sense).

লহোৱা বহোৱা—ক্ৰি, [লাহোৱা বিলাহোৱা ] লাস-বিলাস কৰা, to flirt, to coquet.

লাংখা-লিংখি—বিং, (লাংখা, = লাং খোৱা অৰ্থাৎ মাৰিৰ দৰে পৰি থকা। লিংখি অনুৰূপ শব্দ। ) পৰি থকা বস্তু-বেহানি, কম মূল্যৰ সৰু-সুৰা বস্তু, odds and ends.

লাং খাই পৰা—ক্ৰি, ( লাং = ডাং, মাৰি। ) লঙ্গৰ নিচিনাকৈ পৰি থকা অৰ্থাৎ মাটিত দীঘল হৈ পৰি যোৱা, to lie down at full length, to fall prostrate.

লাংলাং-ঠাংঠাং—বিং, [ “লৈলৈ-থৈলৈ’’ চোৱাঁ। ]

লাই পালে কুকুৰে গললৈ জঁপিওৱা—ক্ৰি, হিন্দুৱে কুকুৰক অশুচি জন্তু বুলি ধৰে। কুকুৰে ছুলে গা ধুব লাগে। অসমীয়া হিন্দুৱে কুকুৰক ওচৰ চাপিবলৈ নিদিয়ে। এই স্থলত কোৱা হৈছে, যে লাই পালে তেনে অস্পৃশ্য কুকুৰেও গললৈকে জঁপিয়াই লেঙ্গেৰা-লেঙ্গেৰি কৰে। এতেকে,— লাই পালে নীচ মানুহেও ঘনিষ্ঠতা-ভাব দেখুওৱা, the showing of undue familiarity by a mean person to a great man if allowed too much indulgence.

লাই লেচাই— বিং, আসামৰ ৰজা গদাধৰ সিংহৰ দুজন পুতেক আছিল। এজনৰ নাম লাই আৰু আন এজনৰ নাম লেচাই। এতেকে,—যেই সেই দুজন মাথোন, two persons, neither more nor less.

লাই লেজু—বিণ, [লাহি লেজু] লেজু দীঘল কিন্তু লাহি। এতেকে,—গা- গাৰি নাইকিয়া দীঘল, thin and tall.

লাওৱে লাওৱে পানী খোৱা—ক্ৰি, দুখীয়া মানুহে লাওৰ ভিতৰটো গেলাই, গেলা অংশ উলিয়াই পেলাই, লোটা-কলহৰ নিচিনা পানী-পাত্ৰ-স্বৰূপে তাক ব্যৱহাৰ কৰে। ডাঙ্গৰ বিপদ হলে পিয়াহ লাগে। তেতিয়া লাওৱে লাওৱে অৰ্থাৎ অধিককৈ পানী খাবলগীয়া হয়। এতেকে,—ঘোৰ বিপদগ্ৰস্ত হোৱা, মহা কষ্টত পৰা, to be involved in great difficulty, to be highly embarrassed.