পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰান্ধনী
ৰামে
২৪৭


উচটাই স্বাৰ্থসিদ্ধি কৰ, to induce a person to give some thing away by means of fattery.

ৰান্ধনী বেলি ওলোৱা পৰ-—বিং, ৰাতিপুৱা ৰান্ধনীয়ে যেতিয়া ভাত ৰান্ধিবলৈ সোমায় তেনে সময় অৰ্থাৎ দিনৰ এপৰীয়া সময়, the part of the day in which a house wife enters into the kitchen for cooking the mid-day meal i.e. forenoon.

ৰাম গঙ্গা একো নমত— ক্ৰি, কথা-বাৰ্ত্তা পাতোঁতে কোনো কোনো মানুহে ‘ৰাম গঙ্গা' “হৰি হৰি’’ “বিষ্ণু’’ ইত্যাদি কথা উচ্চাৰণ কৰে। এই স্থলত বুজোৱা হৈছে, যে আন কথা যে একো কোৱাই নাই, 'ৰাম গঙ্গা’ এই কথা পৰ্যন্ত উচ্চাৰণ কৰা নাই। এতেকে,—সমূলি মাত নমতা, not to speak a word.

ৰাম টাঙ্গোন জোকৰা—ক্ৰি, ৰাম ডাঙ্গৰ বীৰ আছিল। এতেকে,বীৰৰ ডাঙ্গৰ টাঙ্গোন জোকৰা অৰ্থাৎ মৰিয়াবলৈ উদ্যত হোৱা, to brandish a heavy stick, to intimidate.

ৰাম নহৈ যম হোৱা—ক্ৰি, অগ্নি-পৰীক্ষাৰ পাচত সীতা দেবীয়ে এই বুলি আক্ষেপ কৰিছিল, যে ৰামক সকলোৱে ভাল বুলি শলাগে, কিন্তু তেওঁৰ মানত তেওঁৰ স্বমী ৰাম নহৈ যম হল। সীতা দেবীৰ উল্লিখিত উক্তিৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—সাধু পুৰুষ হৈও ঘোৰ অপকাৰ কৰা, to act evilly though reputed to be a good man.

ৰাম ৰাৱণৰ যুদ্ধ—বিং, ৰাম আৰু ৰাৱণৰ ভিতৰত ভয়ঙ্কৰ যুদ্ধ হৈছিল। এতেকে,—ঘোৰতৰ যুদ্ধ, a terrible war.

ৰামৰ ৰাজ—বিং, ৰামৰ ৰাজ্য শান্তিময় আছিল। এতেকে,—শান্তিময় ৰাজ্য- শাসন, reign of peace.

ৰামে মাৰিলেও মৰা, ৰাৱণ মাৰিলেও মৰা—ক্ৰি, ৰাম ৰাৱণৰ যুদ্ধত ৰাৰণৰ সেনাবিলাকে যুদ্ধ,কৰিবলৈ বৰ ভয় পাইছিল। কিন্তু ৰাৱণ অতি দুৰন্ত ৰজা আছিল। কোনো ৰণুৱাই যুদ্ধলৈ আওহেলা কৰিলে, তৎক্ষণাৎ ৰাৱণে তাৰ, প্ৰাণ-বধৰ দণ্ড দিছিল। সেইবিলাকে নিৰুপায় হৈ যুদ্ধলৈ ওলাওঁতে এই কথা কয়—ৰামে মাৰিলেও মৰিম ৰাৱণে মাৰিলেও মৰিম। ” এতেকে,—কোনো কাৰ্য্য কৰিলেও বিপদ নকৰিলেও বিপদ এনে অৱস্থা পোৱা, একো পোনে