পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাৰি
মাহৰ
২২৯

thing desperately.

মাৰি খোৱা হাঁহক ঢাৰী পাৰি বহুওৱা--ক্ৰি, যি হাঁহক অলপতে মাৰি খোৱা যাব, সেই হাঁহক মৰম কৰি বহিবলৈ ঢাৰী পাৰি দিয়া হয় বোলা হৈছে। এতেকে,— যাৰ প্ৰতি কোনো অপকাৰজনক কাৰ্য্য কৰা সুনিশ্চিত তাৰ প্ৰতি দয়া প্ৰকাশ কৰা, to be compassionate to a person whom one feels bound to punish in some way.

মাৰিলে যম জীয়ালে ঈশ্বৰ—বিং , যমে মাৰে, ঈশ্বৰে জীয়ায়। এতেকে,—মৰণ- জীৱনৰ গৰাকি, সুখ-দুখ বিলাওঁতা , a dispenser of fortune.

মালিনীয়ে ফুলৰ শোক নাপাহৰা—ক্ৰি, ফুলেই মালিনীৰ সৰ্ব্ব-সম্পত্তি। কেনেবাকৈ ফুল নষ্ট হলে, মালিনীয়ে তাৰ শোক কেতিয়াও পাহৰিব নোৱাৰে। এতেকে,—জীবিকাৰ প্ৰধান উপায় নষ্ট হলে তাৰ শোক সদাই মনত জাগৃত ৰখা, not to be able to forget the lose of one's principal means of livelihood.

মালৌৰ চাব—বিং, জোৰহাটৰ অন্তৰ্গত মালৌ নামৰ ঠাইত গাখীৰৰ চাব সকলোৰে জনা জাত। এতেকে,—অতি উপাদেয় বস্তু, a delicacy.

মাহ-খোৱা বান্দৰ—বিং, মাহ বান্দৰৰ অতি প্ৰিয় বস্তু। বান্দৰে যাৰে তাৰে মাহনীত সোমাই মাহ খাই ফুৰে। এতেকে,—টটাটিঙা মানুহ, a knave.

মাহৰ মাৰ দেখি তিলে বেত মেলা—ক্ৰি, মাহ পকিলে টাঙ্গোনেৰে মৰিয়াই গছৰ- পৰা গুটি উলিওৱা হয়। তিলৰ চেঁইবিলাক আপোনা-আপুনি বেত মেলি গুটি ওলাই পৰে। এই স্থলত কোৱা হৈছে, যে মাহৰ মাৰ দেখি তিলে মাৰৰ ভয়ত নিজেই বেত মেলি ওলাই পৰে। এতেকে,— পৰৰ শাস্তি দেখি বলবন্তৰ অভিলাষ অনুযায়ী আগৈয়ে নিজে শাস্তি নৌ পাওঁতেই কাৰ্য্য কৰা, to act according to the wishes of a powerful person without being told to so act by taking warning for the cases of those persons who were recalcitrant and therefore punished.

মাহৰ শাক বৰাৰ ভাত—বিং, মাটি-মাহৰ আঞ্জা আৰু বৰা-চাউলৰ ভাত আগৰ